অসম

সাজু হৈ উঠিল সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, বিজুলী উৎপাদনৰ সম্পৰীক্ষণ সম্পূৰ্ণ

Asomiya Pratidin

ডিজিটেল সংবাদ, লখিমপুৰ : নদী বান্ধ বিৰোধী আন্দোলনৰ তীব্ৰতাহীনতাৰ সুযোগত অৱশেষত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ দিশে গেৰুকামুখৰ বিতৰ্কিত বৃহৎ নদী বান্ধ ৷ এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্ববৃহৎ নদী বান্ধৰ লগতে সৰ্বোচ্চ বিজুলী উৎপাদনৰ বহন ক্ষমতা থকা জলবিদ্যুৎ প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিজুলী উৎপাদনৰ বাবে সাজু হৈ উঠিছে ৷ যোৱা বছৰৰ বাৰিষাৰ জলপ্ৰলয় আৰু ধাৰাবাহিক ভূমিস্খলনৰ প্ৰত্যাহ্বানকো নেওচি নিৰ্মান সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চমুকৈ এন এইচ পি চি য়ে অহা মাৰ্চৰ ভিতৰতে বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ সম্পূৰ্ণ কৰি কেন্দ্ৰীয় চৰকাৰক উপহাৰ দিব ৷

২০১১ চনৰ পৰাই বিতৰ্কিত বৃহৎ নদীবান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পটোৱে উত্তৰ অসমৰ জনতাৰ লগতে আছু এজেৱাইচিপিকে ধৰি ৰাজ্যৰ প্ৰায় ৭০ টা সৰু বৰ সংগঠনৰ আন্দোলন আৰু আইনী বাধাৰ সন্মুখীন হ’লৈও শেহতীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত সকলো বাধা নেওচি যোৱা দুবছৰত তৰিৎ গতিত নিৰ্মাণ কাৰ্য আগুৱাই এন এইচ পি চি য়ে গেৰুকামুখত টাৰ্বাইন ঘুৰাবলৈ সক্ষম হ’ল ৷

অলপতে নিৰ্মাণ সংস্থাটোৱে গেৰুকামুখত বিজুলী উৎপাদনৰ বাবে টাৰ্বাইন ঘুৰাই পৰীক্ষণ সম্পন্ন কৰে ৷ নিৰ্মান সংস্থা এন এইচ পি চিৰ এক উচ্চ স্তৰীয় সূত্ৰই এই প্ৰতিবেদকক যোগান ধৰা তথ্য অনুসৰি সামগ্ৰিকভাৱে গেৰুকামুখৰ নদী বান্ধ প্ৰকল্পৰ কাম যোৱা ৩১ জানুৱাৰীলৈকে ৯৫% কাম সম্পূৰ্ণ হৈছে ৷ সুত্ৰটোৰ মতে ৯৫% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পুংখানুপুংখ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছে এন এইচ পিচিয়ে চলিত মাহৰ প্ৰথমাৰ্ধত ৷ সেই অনুসৰি ডেমৰ গেট এছ ১ ৰ পৰা এছ ৯ লৈ নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷ ডেমৰ শ্লেব ১ ৰ পৰা ৮ নম্বৰ গেটলৈকে সম্পূৰ্ণ ৷ চাৰ্জ টানেল বা এছ টি ১ ৰ পৰা ৪ লৈকে নিৰ্মাণ সম্পূৰ্ণ ৷ হেড ৰেচ টানেল বা এইচ আৰ টি ৰ ১ ৰ পৰা ৪ লৈকে নিৰ্মাণ সম্পূৰ্ণ ৷ প্ৰেছাৰ চাফ্ট লাইনাৰ ২২ খনৰ সংস্থাপন সম্পূৰ্ণ হৈছে ৷

ঠিক সেইদৰে ড্ৰাফট টিউব গেট নং ১ ৰ পৰা নং ৪ লৈ নিৰ্মাণ সম্পূৰ্ণ ৷ স্পীল ৱে ৰেডিয়েল আৰু বাক গেট বে এছ ১ ৰ পৰা এছ ৯ লৈ সংস্হাপন কৰা হৈছে ৷ ৰ’টাৰ ৰান আউট চেক, চি টি এছ চেক, ইউনিট ১ আৰু ২ ৰ টাৰ্বাইন টেষ্টিং সম্পূৰ্ণ হৈছে ৷ ফ্লাড ৱাটাৰিং পাম্পৰ সংস্থাপন ,ইউনিট ১ ৰ পৰা ৬ লৈ কে জেনেৰেটৰ, টাৰ্বাইন সংস্থাপন আৰু কুলিং ৱাটাৰ নিষ্কাষণৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে ৷ লক্ষণীয় ভাৱে মূল বান্ধৰ ২০ লাখ ঘনমিটাৰ চিমেণ্টৰ ঢালাইৰ ভিতৰত ১৯ লাখ ৩২ হাজাৰ ৫৬০ ঘন মিটাৰ ঢালাইৰ কাম সম্পূৰ্ণ হৈছে ৷ পাৱাৰ হাউচৰ ৪ লাখ ঘন মিটাৰ কনক্ৰিটৰ ঢালাইৰ বিপৰীতে ৩ লাখ ৮০ হজাৰ ৭২৬ ঘন মিটাৰ ঢালাইৰ কাম সম্পূৰ্ণ হৈছে ৷ ইনটেক গেটৰ ৯৫% আৰু চাৰ্জ টানেলৰ ৯৮% কাম সম্পূৰ্ণ কৰাৰ পাছত অহা মাৰ্চ মাহত বিজুলী উৎপাদনৰ বাবে সাজু হ’ব গেৰুকামুখৰ বৃহৎ নদী বান্ধ ৷

স্মৰ্তব্য যে যোৱা বছৰ জুলাই মাহতে বিজুলী উৎপাদন কৰিব লগীয়া প্ৰকল্পটোত সংঘটিত হোৱা বান আৰু ভূমিস্খলনৰ বিস্তৰ ক্ষতি সাধনৰ ফলত এবছৰ পিছুৱাই যাব লগীয়া হ’ল ৷ অহা জুন মাহত গেৰুকামুখত দুটা টাৰ্বাইন চলাই ৫০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছে যদিও ইতিমধ্যে ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ বাবে আঠটা টাৰ্বাইন সাজু কৰিছে এন এইচ পি চি য়ে ৷