দায়িত্বভাৰ সভা
দায়িত্বভাৰ সভা 
অসম

অসম ৰাজ্যিক সাংবাদিক সন্হাৰ নৱ-নিৰ্বাচিত সমিতিৰ দ্বায়িত্বভাৰ গ্ৰহণ

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ দেওবাৰে গুৱাহাটীৰ ৰূপনগৰস্হিত মেডিয়া ট্ৰাষ্টত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহক সভাই নৱ নিৰ্বাচিত সমিতিখনক দায়িত্বভাৰ অৰ্পণ কৰে ৷

জিতু শৰ্মা ৰাজখোৱা সভাপতিত্বত অনুষ্ঠিত সভাখনি নতুন সমিতিৰ বিষয়ববীয়া সকলক শপত বাক্য পাঠ কৰোৱাৰ পিছতেই দ্বায়িত্বভাৰ অৰ্পণ হয় ৷

অসম ৰাজ্যিক সাংবাদিক সন্থা ২৩ আৰু ২৪ ডিচেম্বৰ ২০২২ তাৰিখে জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অধিৱেশনতে সন্হাৰ নতুন সমিতি গঠন কৰা হৈছিল ৷

নৱ নিৰ্বাচিত সমিতিয়ে দায়িত্ব গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে । আজিৰ বিশেষ প্ৰতিনিধি সভাৰ উপৰিও দায়িত্বভাৰ সভাত কামৰূপ মহানগৰকে ধৰি বিভিন্ন জিলা প্ৰতিনিধি সকল উপস্থিত থাকে ৷

বিশেষ প্ৰতিনিধি সভা তথা নৱ নিৰ্বাচিত সমিতিৰ দায়িত্বভাৰ সভা