অসম

বিনামূলীয়া নহয় কোভিড চিকিৎসা, মাস্ক নহ’লে ১০০০ টকাৰ জৰিমনা : চাওক নতুন এছ অ’ পিত আৰু কি কি আছে…

asomiyapratidin
  • ৰাজ্যত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুন এছ অ' পি।
  • ঘোষিত নতুন এছ অ' পি শনিবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰি হ'ব।
  • নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব নিশাৰ কাৰ্ফিউ।
  • নিশা ৯-৩০ বজাৰ লগে লগে সম্পূৰ্ণ ৰূপে বন্ধ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান।
  • চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহ পূৰ্বৰ দৰেই সময়মতেই খুলি থাকিব।
  • ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহ ৫০ শতাংশ গ্ৰাহকৰ উপস্থিতিৰে মুকলি কৰিব পাৰিব।
  • ৰেষ্টুৰেণ্ট, ধাবা আদিৰ পৰা খাদ্য সামগ্ৰী ১০ বজাৰ পৰ্যন্ত লৈ যাব পাৰিব।
  • শ্ব'ৰুম সমূহো ৯ বজালৈকে খুলিব পাৰিব।
  • সকলো চৰকাৰী কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰিব লাগিব আৰু সময়মতেই কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।
  • যিসকল কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকে কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।
  • কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীয়ে ছুটী ল'ব লাগিব। যিসকলে ছুটী ল'ব নোৱাৰে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব।
  • যান-বাহনৰ ক্ষেত্ৰত সকলোৱে কোভিড প্ৰ'টকল মানি চলিব লাগিব।
  • সকলো বাহনতে ১০০ শতাংশ যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সকলোৱে অতি কমেও এটা ভেকচিন গ্ৰহণ কৰিব লাগিব।
  • বাইক, স্কুটি আদিত দুজন লোক উঠিব পাৰিব। অৱশ্যে দুয়োৱে ভেকচিন গ্ৰহণ কৰিব লাগিব।
  • হেলমেট পৰিধান কৰিব লাগিব।
  • কোনো বাহনতে থিয় কৰি যাত্ৰী কঢ়িয়াব নোৱাৰিব।
  • কোনো বাহনতে যাত্ৰী থিয় হৈ গ'লে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বাহনৰ পঞ্জীয়ন বাতিল কৰা হ'ব।
  • কামৰূপ মহানগৰ জিলাত অষ্টম শ্ৰেণীলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।
  • আনহাতে অন্যান্য জিলাত পঞ্চম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰে পাঠদান বন্ধ থাকিব।
  • অফলাইন পাঠদান বন্ধ থাকিব।
  • বিদ্যালয়, কলেজ, বিশ্ববিদ্যালয় আদিৰ পাঠদান অনলাইন মাধ্যমেৰে সম্পন্ন কৰাৰ নিৰ্দেশ।
  • সকলো স্থানতে ৫০ শতাংশ লোকৰ উপস্থিতিত সভা, সমিতি আদি অনুষ্ঠিত কৰিব পাৰিব।
  • অডিটৰিয়াম, হল আদিত ২০০ সৰ্বাধিক ২০০ লোকহে উপস্থিত থাকিব পাৰিব।
  • সকলো জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগে মুকলি আৰু বন্ধ স্থানত অনুষ্ঠিত সভাত কিমান লোক উপস্থিত থাকিব সেই সম্পৰ্কে সিদ্ধান্ত ল'ব পাৰিব।
  • বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানত ২০০ তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
  • সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা সৰ্বাধিক ৬০ গৰাকী লোক মুখ্য ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব পাৰিব।
  • অন্যান্য ধৰ্মীয় অনুষ্ঠানত ৪০ জনতৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
  • শেষকৃত্য অনুষ্ঠানত ১০০ ত কৈ অধিক লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব।
  • সপ্তাহিক বজাৰ ৬ ঘণ্টাতকৈ অধিক সময় খুলিব নোৱাৰিব।
  • চিনেমা হল আদি ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে খুলিব পাৰিব।
  • এতিয়াৰে পৰা সকলো কোভিড আক্ৰান্তৰে পৰীক্ষা অমিক্ৰন হিচাপে কৰা হ'ব।
  • ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
  • ৰাজহুৱা স্থানত ভেকচিন গ্ৰহণ নকৰা লোকক ১০০০ টকাৰ জৰিমনা বিহা হ'ব।
  • ভেকচিন গ্ৰহণ নকৰা লোক ১৫ জানুৱাৰীৰ পাছত ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব।
  • সকলোৱে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ লগত ৰাখিব লাগিব।
  • এতিয়াৰে পৰা কোভিড চিকিৎসা বিনামূলীয়া নহ'ব।
  • বি পি এল সকলৰ বাবে অৱশ্য এই চিকিৎসা বিনামূলীয়া হ'ব।
  • জৰুৰী অৱস্থাত কোভিড পজিটিভ হৈ চিকিৎসাধীন হ'লেও বিনামূলীয়া হ'ব চিকিৎসা।
  • নতুন এছ অ' পি অনুসৰি কোনো এটা অঞ্চলত যদি ৭ দিনত কোভিড আক্ৰান্তৰ সংখ্যা ১০ জনতকৈ বৃদ্ধি পাই তেনেহ'লে সেই অঞ্চলটোক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হ'ব।
  • কণ্টেইনমেণ্ট জ'নত অৱশ্যে সকলো ধৰণৰ অত্যৱশ্যকীয় সেৱা অব্যাহত থাকিব।
  • কণ্টেইনমেণ্ট জ'নত গেলা মালৰ দোকান, ফল-মূলৰ দোকান, শাক-পাচলিৰ দোকান খুলিব পাৰিব।
  • অত্যাৱশ্যকিয় সামগ্ৰীৰ লগতে খাদ্য, ঔষধ, চিকিৎসা সামগ্ৰী ই-কমাৰ্চৰ ব্যৱস্থা অব্যাহত থাকিব।