অসম

সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ বাক্সা জিলা সমিতি গঠন

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ, অসমৰ শাখা বাক্সা জিলা সমিতিখন কালি বাক্সাৰ গাৰামদেউত বিশিষ্ট সমাজকৰ্মী অজিত দাসৰ সভাপতিত্বত অনুষ্ঠিত হৈ যোৱা এখন সভাৰ জৰিয়তে গঠন কৰি লোৱা হয়৷

সেইমৰ্মে সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ বাক্সা জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি হিচাপে বিতুপন বেজবৰুৱা (নাওকাটা), সম্পাদক কিশোৰ কলিতা (আঠিয়াবাৰী), সহকাৰী সম্পাদক অজয় বেজবৰুৱা (গোৰেশ্বৰ), সাংগঠনিক সম্পাদক ধনজিৎ দাস (নাওশালী), উমেশ দাস (গাতি), বনজিৎ দাস (পলাশগুৰি), প্ৰচাৰ সম্পাদক শ্যামন্ত নাথ (পলাশগুৰি), শ্যামল মেধি (গাতি) আৰু উপদেষ্টা হিচাপে শৈলেন গোস্বামী আৰু অজিত দাসক নিৰ্বাচিত কৰি মুঠ ৪১ জনীয়া সমিতিখন গঠন কৰি লোৱা হয়৷

সভাখনত সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ অসমৰ মুখ্য উপদেষ্টা পংকজ দাস, সভাপতি উদ্দীপ্ত মহন্ত আৰু সাধাৰণ সম্পাদক দেৱজিৎ নাথ উপস্থিত থাকে৷ নিৰ্দিষ্ট বক্তা হিচাপে পংকজ দাসে বিটিচিৰ সাম্প্ৰতিক প্ৰেক্ষাপট আৰু ভবিষ্যতৰ ভয়াবহতা সম্পৰ্কে সভাত বক্তব্য প্ৰদান কৰে৷