অসম

বিদ্যালয় খোলা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ, কোন কোন যাব পাৰিব বিদ্যালয়লৈ…

asomiyapratidin

শিক্ষানুষ্ঠানৰ পাঠদান সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে নতুন নিৰ্দেশনা । নতুন নিৰ্দেশনা অনুসৰি ২১ চেপ্তেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান খোলা থাকিব । স্ব ইচ্ছাই স্কুললৈ যাব পৰিব ছাত্ৰ ছাত্ৰী সকলে । শিক্ষাৰ্থী সকলে স্কুললৈ যোৱাৰ ক্ষেত্ৰত নাই কোনো বাধ্যবাধকতা । অভিভাবক লিখিত অনুমতিলৈ বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰ ছাত্ৰী সকলে ।

ইপিনে বিদ্যালয় সমূহত ৰাজ্য চৰকাৰে সতৰ্কতা মূলক ব্যৱস্থা লব লাগিব লগতে অনলাইনে পাঠদান চলি থাকিব লাগিব । শিক্ষাৰ্থী সকলে শ্ৰেণীকোঠাত সম্পূৰ্ন কোভিড প্ৰটকল মানি চলিব লাগিব । বিদ্যালয় মাস্ক আৰু হেণ্ড চেনিটাইজাৰৰ ব্যবহাৰ বাধ্যতামূলক ।

আনহাতে কন্টেইনমেন্ট জ'নত বন্ধ থাকিব বিদ্যালয় সমূহ । ২১ চেপ্তেম্বৰৰ পূৰ্বে বিদ্যালয় সমূহ পৰিস্কাৰ পৰিচন্ন কৰি তোলাৰ লগতে চেনিটাইজ কৰিব লাগিব । ইপিনে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ ।