অসম

নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ ত্ৰয়োদশ বৰ্ষৰ স্মৃতিগ্ৰন্থ উন্মোচন…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা সৃষ্ট পৰিবেশৰ মাজতে ৰাজ্যজুৰি কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি উদযাপন হৈছে শাৰদীয় দুৰ্গা পূজা । গুৱাহাটী মহানগৰীৰ পূজা মণ্ডপ সমূহতো নাই বিশেষ উৎসাহ উদ্দীপনা । পূজা কমিটিৰ বিষয়ববীয়া সকলে মঙলবাৰে সপ্তমী বিহিত পূজাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছে । বিগত বৰ্ষত প্ৰায় বন্ধ আছিল এই পূজা। এই বছৰ কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনীয় নীতি নিৰ্দেশনা অনুসৰি অনুষ্টুপীয়াভাৱে হ'লেও বহু স্থানত উদযাপিত হৈছে দেৱী দুৰ্গাৰ যথাবিহীত পূজা।

নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিয়েও পূৰ্বৰ বৰ্ষতকৈ কিছু শিথিলতা অৱলম্বন কৰি কোভিড প্ৰট'ক'লৰ আধাৰত সম্পন্ন কৰিছে জাকজমকতাহীন পূজা। অৱশ্যে এই পূজাৰ দ্বিতীয় বৰ্ষৰ পৰাই নিয়মীয়াভাৱে প্ৰকাশ পাই অহা স্মৃতিগ্ৰন্থখনৰ দ্বাদশ সংখ্যাটো এইবাৰো বুধবাৰে সপ্তমী পূজাৰ আঁৰতিৰ অন্তত সন্ধিয়া প্ৰায় ৭.৩০ বজাত উন্মোচন কৰা হয়। আনুষ্ঠানিক সভাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ পূজা সমিতিৰ সাধাৰণ সম্পাদক শ্যামন্ত দাসে আঁত ধৰা এই অনুষ্ঠানত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে মুল সমিতিৰ সভাপতি চিকন চন্দ্ৰ বৰদলৈয়ে।

আনহাতে, এই উন্মোচনী অনুষ্ঠানত সহযোগ কৰে মুল সমিতিৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ মিশ্ৰ, স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি বাবুল চৌধুৰী, সম্পাদক স্বপ্না বেজবৰুৱা আৰু উপদেষ্টা প্ৰকাশ মহন্তই। উন্মোচনৰ পাছতেই সম্পাদক বেজবৰুৱা, উপদেষ্টা প্ৰকাশ মহন্ত আৰু সভাপতি বাবুল চৌধুৰীয়ে দিয়া চমু ভাষণেৰে স্মৃতিগ্ৰন্থৰ উন্মোচনী কাৰ্যসূচীৰ সামৰণি মৰা হয়।