অসম

গীত-নৃত্যৰে জীপাল গধূলিঃ নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত সুধাকণ্ঠক স্মৰণ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ ৰাজ্যতে মঙলবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ অষ্টম বাৰ্ষিক মৃত্যু দিৱস উদযাপন কৰিছে। সকলোৱে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক জনাইছে শ্ৰদ্ধাঞ্জলি। সমগ্ৰ ৰাজ্যৰ লগতে নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে মঙলবাৰেও সুধাকণ্ঠগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।

৬.৩০ বজাত বন্তি প্ৰজ্বলন আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি প্ৰদানেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰখ্যাত ছিতাৰ বাদক ক্ষেত্ৰ হাজৰিকা আৰু বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীয়ে।

সুৰ সমলয়ৰ মাজেৰে শ্ৰদ্ধাঞ্জলি পৰ্বৰ এই আকৰ্ষণীয় অনুষ্ঠানৰ পাছতেই আতকধুনীয়াকৈ সজোৱা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৃহৎ প্ৰতিচ্ছবিৰ বেক ড্ৰ'প সংলগ্ন মুকলি মঞ্চত শিশু শিল্পী দেৱজ্ঞান প্ৰতীম দুৱৰাই পৰিৱেশন কৰা সুধাকণ্ঠৰ গীতেৰে আৰম্ভ হয় ভাৰতৰত্ন মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে অনুষ্ঠিত কৰা মনমোহা সাংস্কৃতিক অনুষ্ঠানটি।

দেৱজ্ঞান প্ৰতীম দুৱৰাৰ গীত পৰিৱেশনৰ পাছতে অঞ্চলটোৰ কেইবাগৰাকীও নবীন-প্ৰবীণ শিল্পীয়ে ভূপেন হাজৰিকাৰ চিৰসেউজ গীতৰ লগতে নৃত্য পৰিৱেশন কৰে।

নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানটিত উপস্থিত থাকে অঞ্চলটোৰ প্ৰায় ৩ শতাধিক লোক।

মুকলি আকাশৰ তলত অতি শৃংখলাৱদ্ধভাৱে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত সুধাকন্ঠক স্মৰণ কৰি নষ্টালজিক হৈ পৰে।

বিগত ৭ বছৰে একেৰাহে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি আহিছে নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিয়ে।

কেন্দ্ৰীয় চৰকাৰে মৰণোত্তৰভাৱে সুধাকণ্ঠলৈ ভাৰতৰত্ন উপাধি প্ৰদান কৰাৰ পাছত এইবাৰ অধিক আকৰ্ষণীয়কৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিয়ে ।