অসম

গুৱাহাটীবাসীয়ে লাভ কৰিব আন এখন উৰণীয়া সেতুঃ জু-ৰোডত আৰম্ভ নিৰ্মাণকাৰ্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰবাসীৰ বাবে আন এক সুখবৰ। গুৱাহাটীত নিৰ্মাণ হ'ব আন এখন উৰণীয়া সেতু। জুৰোডত এই নতুন উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। এই উৰণীয়া সেতুখন নিৰ্মাণৰ লগে লগে জু-ৰোডৰ যানযটৰ সমস্যা বহু পৰিমাণে হ্ৰাস হ'ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে দুটা লেনৰ এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ১৮ মাহ সময় নিৰ্ধাৰণ কৰা হৈছে। এই উৰণীয়া সেতুখনে উষা কোৰ্টৰ সমীপৰ পৰা উদয় পথৰ নামঘৰৰ সমীপলৈ সংযোগ কৰিব। উৰণীয়া সেতুখন নিৰ্মাৰ বাবে এ ডি কনষ্ট্ৰাকচন নামৰ এটা প্ৰতিষ্ঠানে দায়িত্ব লাভ কৰিছে।