অসম

মাৰ্ঘেৰিটাত নৱজাত শিশু উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং চাহ বাগিচাত সোমবাৰে এটি নৱজাত শিশু উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, পুৱা বাগিচাত দৰৱ চটিয়াবলৈ যোৱা শ্ৰমিক ৰান হেমৰমে বাগিচাৰ মাজত উদ্ধাৰ কৰে কন্যা শিশুটি।

বাগিচাৰ শ্ৰমিকজনে শিশুটিক উদ্ধাৰ কৰি আনি বৰ্তমান নিজৰ ঘৰতে ৰাখিছে যদিও এতিয়াও সম্ভেদ পোৱা নাই শিশুটিৰ প্ৰকৃত পিতৃ-মাতৃৰ। ইফালে শিশুটি অবৈধ সম্পৰ্কৰ ফলত জন্ম হোৱা বাবেই এনেদৰে বাগিচাৰ মাজত পেলাই যোৱা বুলি সন্দেহ কৰিছে ৰাইজে। শ্ৰমিকজনৰ পত্নী জুলি হেমৰমে কেচুৱাটোৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।