অসম

নগাঁৱৰ চামগুৰিত হৃদয়বিদাৰক ঘটনা, দলঙৰ তলত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। চামগুৰি আৰক্ষী থানাৰ অধীনৰ কনুৱামাৰী দলঙৰ তলত শনিবাৰে বিয়লি উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ।

পোনপ্ৰথমে চামগুৰিৰ কনুৱামাৰীৰ দলঙৰ তলত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি চামগুৰি আৰক্ষীক খবৰ দিয়ে। পাছত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।

উল্লেখ্য যে উদ্ধাৰ কৰা নৱজাতকৰ মৃতদেহটো এটি কন্যা সন্তানৰ। আনহাতে উক্ত ঘটনাক কেন্দ্ৰ কৰি চামগুৰিৰ কনুৱামাৰীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।