অসম

প্লাষ্টিক নিষিদ্ধঃ বজাৰত উপলব্ধ এতিয়া কাপোৰৰ মোনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ লগতে এতিয়া অসমতো এতিয়া প্লাষ্টিকৰ বিৰুদ্ধে সৃষ্টি হৈছে আন্দোলনৰ। ১ অক্টোবৰৰ পৰা প্লাষ্টিকৰ পৰিৱৰ্তে সকলো দোকানত এতিয়া ব্যৱহাৰ হ'বলৈ ধৰিছে কোপাৰৰ মোনা। সৰু বা ডাঙৰ যিকোনো বস্তু ক্ৰয় কৰিলে দোকানীয়ে গ্ৰাহকক পূৰ্বৰ প্লাষ্টিকৰ মোনাৰ পৰিৱৰ্তে দিব একো একোটা বগা ৰঙৰ কাপোৰৰ মোনা।

শাক-পাচলি, গ্ৰ'চাৰী দোকান, সুৰাৰ বিপনী, শ্ব'পিং মল আদিত এতিয়া দিবলৈ লৈছে কাপোৰৰ মোনাসমূহ। প্ৰধানমন্ত্ৰীৰ ছিংগল ইউ প্লাষ্টিকৰ বিৰুদ্ধে চলোৱা এই অভিযানত এতিয়া এনেদৰে সহযোগিতা আগবঢ়াইছে সকলোৱে। উল্লেখ্য যে, ভাৰতত প্ৰতি বছৰে জমা হোৱা জাৱৰ-জোথৰৰ অধিকাংশই প্লাষ্টিক। আৰু এই প্লাষ্টিক পৰিৱেশৰ সৈতে মিহলি হৈ যোৱা পদাৰ্থ নহয়। ইয়াক নষ্ট কৰি দিয়াও অতি কঠিন।

প্লাষ্টিক জ্বলালে বায়ু প্ৰদূষণ, প্লাষ্টিকৰ ফলত সাগৰীয় জীৱ-জন্তুৰমৃত্যুকে ধৰি এই পদাৰ্থবিধ বহু অপকাৰী। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনতপ্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰসংগত কৈছিল যে- 'আমি প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে একঅভিযান চলাইছো। আৰু স্বচ্ছতা অভিযানৰ দৰেই এই অভিযানো সফল হ'ব বুলি আশাবাদী।'