অসম

অসমত নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱা ৪৭৯ জনৰ ২৩৮ গৰাকীয়েই গুৱাহাটীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ সন্ত্ৰাস ক্ৰমাৎ বাঢ়িছে অসমত। বৃহস্পতিবাৰে ৰাতি নতুনকৈ ৪৭৯ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছে। নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱা সকলৰ ভিতৰত ২৩৮ গৰাকী গুৱাহাটী মহানগৰীৰ বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। ইফালে অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৯,৪৩৪ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে এতিয়ালৈকে অসমত কোৰোনাৰ পৰা আৰোগ্য হৈছে ৬,১০৬ গৰাকী লোক। এতিয়াও অসমৰ হা্স্পতালত চিকিৎসাধীন হৈ আছে ৩,৩১১ গৰাকী। তাৰ মাজতে অৱশ্যে ১৪ গৰাকী লোক অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'বলগীয়া হৈছে।