নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী উদযাপন
নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী উদযাপন 
অসম

নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, নামৰূপঃ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত সোমবাৰে  সমগ্র দেশৰ বিদ্যালয়সমূহত সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱসটি পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হৈছে। মহান নেতাগৰাকীৰ জীৱনৰ ত্যাগ, দেশপ্ৰেম ,জাতীয়তাবোধৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে দেশজোৰা এখন চিত্ৰকলা প্ৰতিযোগিতা  অনুষ্ঠিত কৰিছে  দেশৰ শিক্ষা মন্ত্ৰনালয়ে। 

এই উপলক্ষে নামৰূপ কেন্দ্ৰীয় বিদ্যালয়েও বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে এখন চিত্ৰকলা প্ৰতিযোগিতা আয়োজন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে লিখা এখন গ্ৰন্থৰ আধাৰত ‘পৰীক্ষা যোদ্ধা’ হিচাপে পৰিগণিত হোৱা প্ৰতিযোগিতাৰ বিষয়বস্তু হিচাপে  দিয়া হয়।

শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ চিত্ৰাংকন প্ৰতিযোগিতাত

নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ দীপা দেৱী নাথৰ নেতৃত্বত অনুষ্ঠিত হোৱা আজি বিস্তৃত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি ভি এফ চি এল ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তি। মুখ্য অতিথিৰ ভাষণত ড০ মহান্তিয়ে কয় যে শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত সমগ্ৰ দেশৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল প্ৰকাশভংগীক উৎসাহিত কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।  নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰি মহান নেতাগৰাকীৰ জীৱনৰ ওপৰত ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰাৰ লগতে তেওঁলোকৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তোলা উদ্দেশ্যে  এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

বিভিন্ন বিষয়ৰ ওপৰত আয়োজন কৰা চিত্ৰকলা প্ৰতিযোগিতাখনিত ১৭ খন বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । সমগ্ৰ অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, বিষয় শিক্ষকসকল উপস্থিত থাকে।