অসম

হাগ্ৰামাৰ শাসনত বিটিচিত ক'লা ধোঁৱা উৰিছিল, মুছলমানে প্ৰাণ হেৰুৱাইছিলঃ নেমছু

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাংঃ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ সংখ্যালঘু মুছলমানৰ ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই৷ হাগ্ৰামা মহিলৰীয়ে সংখ্যালঘুৰ নিৰাপত্তাৰ কথা কোৱাটো হাস্যকৰ - এই মন্তব্য “নেমছু”ৰ।

হাগ্ৰামা মহিলাৰী আৰু দৰং -ওদালগুৰী সংসদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীক আমি নেমছুৱে বৰ্জন কৰিছো৷ বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এইদৰে সৰৱ হয় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ “নেমছু”৷ নেমছুৰ সভাপতি বদৰুল ইছলামে সাংবাদিকৰ আগত কয়-BPFৰ ১৭বছৰীয়া বিটিচি শাসনত ২০০৮,২০১২ চনত গোষ্ঠীগত সংঘৰ্ষত সংখ্যালঘু বহু লোক সকল প্ৰান হেৰুৱাইছিল৷ আশ্ৰয়হীন হ'বলগীয়া হৈছিল ৷ মহিলাৰীৰ শাসনত বিটিচিৰ আকাশত কলা ধোঁৱা উৰিছিল৷

এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যা হ’ল তেওঁৰ শাসন কালতেই৷ ১৯৯৬চনত আদিবাসীৰ ওপৰত আক্ৰমন চলিছিল৷ সেইজন নেতাই এতিয়া সংখ্যালঘু ৰাইজৰ কাষত গৈ ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই ৷

হাগ্ৰামাৰ শাসন কালত সংখ্যালঘু মুছলমানৰ বাবে কলাদিন আছিল৷ ইপিনে দলগাওঁৰ AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে BPFৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োৰ হৈ ভোট বিচৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি কয়-সংখ্যালঘু ৰাইজক হাগ্ৰামা মহিলাৰীৰ ওচৰত বিক্ৰী কৰিবলৈ দিয়া নহয় ৷

দৰং ওদালগুৰি সমষ্টিত বিপিএফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োক নেমছুৱে বৰ্জন কৰাৰ কথা প্ৰকাশ কৰি সংখ্যালঘু মুছলমান ৰাইজক হাগ্ৰামা মহিলাৰী আৰু দূৰ্গাদাস বড়োক প্ৰত্যাখ্যান কৰিবলৈ আহবান জনায় ৷