অসম

NEET ইউ জি ২০২১ঃ ৩৮০০ কেন্দ্ৰত হ’ব পৰীক্ষা…

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হ'ব NEET ইউ জি ২০২১ৰ পৰীক্ষা। ভাৰতৰ প্ৰায় ২০২খন চহৰৰ ৩৮০০ৰো অধিক পৰীক্ষা কেন্দ্ৰত দুপৰীয়া ২ বজাৰ পৰা ৫ বজালৈ এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা কেন্দ্ৰসমূহৰ সংখ্যা বৃদ্ধি কৰা হৈছে। কেৱল ভাৰততে নহয় দুবাই আৰু কুৱেইটতো পৰীক্ষাৰ আয়োজন কৰা হৈছে। এই পৰীক্ষাত প্ৰায় ১৬ লাখ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব।

প্ৰাৰ্থী সকলৰ সুৰক্ষা সুনিশ্চিয়ত কৰাৰ বাবে NEETৰ এডমিট কাৰ্ডত কোভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা দিয়া হৈছে। প্ৰাৰ্থীসকলৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে শৰীৰত স্পৰ্শ নকৰাকৈ মেটেল ডিটেক্টৰ দ্বাৰা তালাচী লোৱা হ'ব। অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীসকলে ৫০ এম.এলৰ এটা হেণ্ড ছেনিটাইজাৰ, পানীৰ বটল নিব পাৰিব।