অসম

কণ্ঠশিল্পী ৰিজু শৰ্মা গোস্বামীলৈ ‘এছেৰেঙা ৰ’ডালি এৱাৰ্ড ২০১৮’

asomiyapratidin

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ মহকুমাৰ অন্তৰ্গত ব্ৰহ্মাজানৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী ৰিজু শৰ্মা গোস্বামীয়ে 'বেষ্ট টেলেন্টটেড ছিংগাৰ' হিচাপে 'এছেৰেঙা ৰ'দালি এৱাৰ্ড ২০১৮' লাভ কৰি সমগ্ৰ গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে।

গুৱাহাটী টাউন ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্য্যপুৰ্ণ অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰা হয়। স্মৰ্তব্য যে, প্ৰতিভাবান কণ্ঠশিল্পীৰ শিতানত চলিত বছৰৰ ২০ মে'ত তেওঁ 'নেবকাচ মিডিয়া বঁটা' লাভ কৰিবলৈয়ো সক্ষম হৈছিল।