অসম

শুকুৰবাৰৰ পৰা উত্তৰ পূৱ টি এছ ডি ৰেলী

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে আৰম্ভ হ'ব নৰ্থ ইষ্ট টি এছ ডি ৰেলী। গুৱাহাটীৰ লগতে কাজিৰঙাত অনুষ্ঠিত হ'বলগা এই ৰেলীৰ শুকুৰবাৰে ফ্লেগ অফ কৰিব ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

উল্লেখ্য যে এই ৰেলীৰ প্ৰথম দুদিন গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ লগতে শেষৰ দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টত। তৃতীয়দিনাই ৰেলীৰ বিজেতাসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব। প্ৰথম দিনৰ কাৰ্যসূচী সন্ধিয়া ৪ বজাত অনুষ্ঠিত হোৱাৰ লগতে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব পুৱা ৭ বজাত। আনহাতে তৃতীয় দিনৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠান সন্ধিয়া ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব বুলি ৰেলীৰ উদ্যোক্তাসকলে জানিবলৈ দিছে।

দ্বিতীয়বাৰৰ বাৰে উত্তৰ পূৱত বিশালভাৱে আয়োজন কৰা এই ৰেলীলৈ প্ৰত্যক্ষ কৰিবলৈ উদ্যোক্তাসকলে সকলোকে আহ্বান জনাইছে।