অসম

কোকৰাঝাৰত অস্ত্ৰসহ এন ডি এফ বি কেডাৰ গ্ৰেপ্তাৰ… VIDEO

asomiyapratidin

কোকৰাঝাৰত ধৃত এনডিএফবি সদস্য , অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ ।
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানীৰ ১১ নং লাৱণ্যপুৰ বনগাঁওৰ পৰা সেনা-আৰক্ষীয়ে যৌথ অভিযান চলাই ম্যানমাৰত প্ৰশিক্ষিত এগৰাকী এনডিএফবি(এচ)কেডাৰ গ্ৰেপ্তাৰ কৰে।

ধৃত এনডিএফবি কেডাৰগৰাকীক জিলাখনৰ বগৰীবাৰী , বেচৰকনাৰ থুম্বা ব্ৰহ্ম ওৰফে থৌউচৌম ওৰফে টাকলাই(২৫)বুলি আৰক্ষীয়ে সদৰি কৰিছে । ধৃত এনডিএফবি সদস্যগৰাকীৰ জিন্মাৰ পৰা সেনা আৰক্ষীয়ে দেশীয় নিৰ্মিত ৭.৬৫ মি:মি: পিষ্টল এটা , দুজাই গুলী , নগদ ১৪৬০০ টকা আৰু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে ।

কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰা মতে এক বিশেষ সূত্ৰৰ পমখেদি বুধবাৰৰ নিশা বিছমুৰী আৰক্ষী আৰু ভাৰতীয় সেনাৰ ১২ নং শিখলাই ৰেজিমেণ্টে যৌথ অভিযান চলাই এনডিএফবিৰ ৪২ নং বেটচৰ ম্যানমাৰত প্ৰশিক্ষিত সদস্য থুম্বা ব্ৰহ্মক ভাৰত-ভূটান সীমান্তবৰ্তী লাৱন্যপুৰ বনগাঁওৰ পৰা আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে সদৰি কৰা মতে থুম্বা ব্ৰহ্মৰ সতে জুৱেল নাৰ্জাৰী ওৰফে তামাং নামৰ আন এগৰাকী সদস্য আছিল যদিও পলাই সাৰিবলৈ সক্ষম হয় ।

ইফালে, কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ধৃত এনডিএফবি সদস্যগৰাকী "বাথা গ্ৰুপৰ সদস্য " আছিল বুলি সদৰি কৰি এনডিএফবি বৰ্তমান দূৰ্বল হৈ পৰিছে বুলি উল্লেখ কৰে । তদুপৰি সাধাৰণ ৰাইজৰ মাজতো এনডিএফবি(এচ)ৰ কোনো গণভিত্তি নাই বুলি দাবী কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰিছে ।