অসম

নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অগ্ৰণী সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠান মনিকাঞ্চন কলা নিকেতনৰ সৌজন্যত মঙলবাৰে এখন সত্ৰীয়া সংগীত সমাৰোহ অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ ব্যৱস্থাপনাত কলা নিকেতনৰ প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক চন্দ্ৰ হাজৰিকাই । সমাৰোহখনত মনিকাঞ্চন কলা নিকেতনৰ ছাত্র-ছাত্ৰী সকলে বৰগীত, গায়ন-বায়ন, সত্ৰীয়া নৃত্য পৰিবেশন কৰে।

কলা নিকেতনৰ অধ্যক্ষ প্ৰভাত কাকতিয়ে আতধৰা সমাৰোহখনত যুৱ সমাজ কৰ্মী ৰাজীৱ বৰুৱা, পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল ভূঞা, উপদেষ্টা ভৈৰৱ হাজৰিকা,ৰজনী শইকীয়া,গোসাঁইবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিৎ ভূঞা, শ্ৰীশ্ৰী বদলা পদ্মআতা সেৱা সমিতিৰ সাধাৰণ সম্পাদক উপেন চন্দ্ৰ বৰুৱা, সাংবাদিক কুমুদ শইকীয়া,দিপান্ত কাকতি, গজেন হাজৰিকা, প্ৰদীপ বৰা,জগত গগৈ, দেৱজিৎ দুৱৰা,নিত্যানন্দ বৰুৱা প্ৰমুখ্যে বহু কেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে। কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি আয়োজন কৰা অনুষ্ঠানটিত মনিকাঞ্চন কলা নিকেতনৰ কেইগৰাকীও প্ৰাক্তন ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।