অসম

শংকৰদেৱ সংঘৰ উদ্যোগত মহাপুৰুষ জনাৰ জন্ম জয়ন্তী…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বান্দৰদোৱাঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লালুক নাঁওবৈছা আঞ্চলিক শাখাৰ উদ্যোগত শনিবাৰৰে পৰা কৃষ্ণমাধৱ প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত হৈছে মহাপুৰুষজনাৰ ৫৭২ সংখ্যক জন্ম জয়ন্তী।ধৰ্মধ্বজা উত্তোলন, নাম-প্ৰসংগ, ধৰ্মালোচনী সভা আদিৰে মহাপুৰুষজনাক স্মৰণ কৰা হৈছে।

কোৰোণা পৰিস্থিতিৰ মাজতে অনুষ্টুপীয়াকৈ আয়োজন কৰা কাৰ্যসূচীত ভকত বৈষ্ণৱৰ মাজতো নাই বিশেষ উছাহ উদ্দীপনা।সামাজিক দূৰত্ব মানি কৃষ্ণ মাধৱ শাখাতো এনেদৰে উদযাপন কৰা হ'ল মহাপুৰুষ জনাৰ জন্মজয়ন্তী অনুষ্ঠানটি।