অসম

দৰিদ্ৰতাক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য মালিগাঁৱৰ খেলুৱৈৰঃ উচ্চ প্ৰশিক্ষণৰ বাবে চৰকাৰৰ ওচৰত আবেদন

asomiyapratidin

ডিজিটেল ডেস্কঃ দৰিদ্ৰতাৰ বাধা নেউচি নিজৰ দৃঢ় সংকল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন কৰিছে মালিগাৱৰ সমৰ কলাৰ খেলুৱৈ উমানন্দ কাপৰিয়ে । মহানগৰীৰ মালিগাঁও অঞ্চলৰ বাসিন্দা ৰাম শ্ৰেষ্ঠা কাপৰি আৰু ইন্দ্ৰচন দেৱীৰ পুত্ৰ উমানন্দ কাপৰিয়ে চলিত বৰ্ষৰ জুন মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা টাং-চু-ডু ভাৰ্চুৱেল চেম্পীয়নশ্বিপ-২০২১ ত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰি সমগ্ৰ মালিগাও অঞ্চলৰ লগতে অসমলৈ সুণাম কঢ়িয়াই আনে ।

বিগত ৪ বছৰ ধৰি পাণ্ডুৰ মাছাকিয় ছেল্ফ ডিফেন্স একাডেমিত প্ৰশিক্ষণ লোৱা দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈ গৰাকীয়ে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰা নাই । পিতৃ ৰাম শ্ৰেষ্ঠা কাপৰিয়ে মালিগাৱৰ পদপথত শাক পাচলিৰ ব্যৱসায় কৰি কোনোমতে পৰিয়ালটোক পোহ পাল দি আহিছে । বিগত সময়চোৱাত কোভিডৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে পৰিয়ালটো যথেষ্ট আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে ।

এই আৰ্থিক অভাৱে এতিয়া খেলুৱৈগৰাকীৰ ভৱিষ্যত পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিছে । যাৰবাবে উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে খেলুৱৈ গৰাকীৰ উচ্চ প্ৰশিক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে ।