অসম

চৰাইদেউ বৰহাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসঃ জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন…

asomiyapratidin

ডিজিটেল সংবাদ চৰাইদেউঃ অসম ৰাজ্যিক সাংবাদিক সন্হাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মঙ্গলবাৰে জিলাখনৰ বৰহাট অঞ্চলৰ পৰিদৰ্শকৰ বাংলা ( লোকনিৰ্মান বিভাগ)ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পালন কৰা হয় । এই উপলক্ষে পুৱা প্ৰয়াত সাংবাদিক সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণৰ পাছতেই মুকলি সভা অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানতেই জিলাখনৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিক সন্হাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ চৰাইদেউ জিলা সাংবাদিক সন্হাৰ সভাপতি মৃদুল চাহুৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত অসম ৰাজ্যিক সাংবাদিক সন্হাৰ উপদেষ্টা সোমেশ্বৰ ডেকা,সম্পাদক ৰাতুল বড়া, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ বড়া, বিশিষ্ট শিক্ষাবিদ মণি গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷