অসম

দৰিদ্ৰতাৰ বাবেই ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা উমানন্দৰ ক্ৰীড়া জীৱন শেষ হৈ যাব নেকি!

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত ১০, ১১ আৰু ১২ ছেপ্টেম্বৰত ইণ্টাৰনেচনেল শ্বিত'ৰিঅ কাৰাটে সংস্থা, ইণ্ডিয়াৰ উদ্যোগত আৰু ইণ্টাৰনেচনেল শ্বিত'ৰিঅ কাৰাটে সংস্থা, ইণ্ডিয়া অসম শাখাৰ সহযোগত গুৱাহাটিৰ চেমফৰ্ড ফিউচাৰষ্টিক স্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সপ্তম ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল মালিগাঁও, গোঁসালা নিবাসী কেৰাটে খেলুৱৈ উমানন্দ কাপৰিয়ে।

সপ্তম সংখ্যক ৰাষ্ট্ৰীয় কেৰাটে প্ৰতিযোগিতাত চিনিয়ৰ ৬৭ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰি মালিগাঁওকে ধৰি সমগ্ৰ অসমৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উমানন্দ কাপৰিয়ে।

মনকৰিবলগীয়া যে উমানন্দৰ পিতৃয় গোঁসাল বজাৰৰ পদপথত এখন চাহৰ দোকান দি পৰিয়ালটোক পোহপাল দি আহিছে। সীমিত উপাৰ্জনেৰে পুত্ৰক খেলৰ বাবে প্ৰয়োজনীয় সা-সুবিধা দিবলৈ অক্ষম হৈ পৰিছে।কেইদিন মান পূৰ্বে জীৱিকাৰ একমাত্ৰ সম্বল পদপথৰ এই চাহৰ দোকানখনো বন্ধ হৈ পৰিছে। যাৰ বাবে পৰিয়ালটো আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতি প্ৰতিভাসম্পন্ন এইগৰাকী খেলুৱৈ ক্ৰীড়া ক্ষেত্ৰত অধিক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হবলগীয়া হৈছে। উপায়ন্তৰ হৈ খেলুৱৈগৰাকীয়ে ৰাজ্য চৰকাৰ আৰু স্থানীয় বিধায়ক ৰামেন্দ্ৰ নাৰায়ণ কলিতাক সহায় বিচাৰিছে।চৰকাৰ তথা জনপ্ৰতিনিধিৰ কৃপা দৃষ্টি পৰিলে এইগৰাকী খেলুৱৈয়ে ক্ৰীড়া ক্ষেত্ৰত অধিক আগবাঢ়ি যাবলৈ সক্ষম হব। প্ৰচূৰ প্ৰতিভাসম্পন্ন এই খেলুৱৈগৰাকীক সকলো প্ৰকাৰে সুবিধা প্ৰদান কৰিবলৈ ভিন্নজনে আহ্বান জনাইছে।