ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ইষ্টাৰ্ণ জ'নেল কালচাৰেল চেণ্টাৰৰ উদ্যোগত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত ২১ ফেব্ৰুৱাৰী অথাৎ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হব ৰাষ্ট্ৰীয় নাট মহোৎসৱ ৷ এই নাট মহোৎসৱত অসমৰ উপৰিও পাটনা , কলকতা , উৰিষ্যা আদিৰ কেইবাটাও নাট্যদলে অংশগ্ৰহণ কৰিব ।
বৃহস্পতিবাৰে নগাঁৱত অনুষ্ঠিত এখন সংবাদমেলত ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ বিষয়ে বিতং তথ্য সংবাদমাধ্যমক অৱগত কৰে উদ্যোক্তাসকলে ৷ এই সংবাদমেলখনতে বিশিষ্ট নাট্যকৰ্মী বাহাৰুল ইছলামে বৰ্তমানৰ ভ্ৰাম্যমান থিয়েটাৰক জালমুৰি আৰু ফাষ্টফুডৰ লগত তুলনা কৰি অসমীয়া ছবিৰ দুৰ্যোগৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় । বিশিষ্ট নাট্যকৰ্মীগৰাকীয়ে বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰে সস্তীয়া জনপ্ৰিয়তা লাভৰ অৰ্থে নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰাৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি বিভিন্ন মন্তব্য আগবঢ়ায় ৷
সংবাদমেলত উপস্থিত থাকে প্ৰবীণ শইকীয়া আৰু নগাঁও ৰাষ্ট্ৰীয় নাট মহোৎসৱ স্থানীয় সমন্বয়ক তথা বিশিষ্ট নগঁঞা নাট্যকৰ্মী দীপক বৰা ৷ সমন্বয়কগৰাকীয়ে সমূহ নগঁঞাবাসীক মহোৎসৱখনি সফল কৰি তুলিবলৈ আহ্বান জনায় আটাইকেইদিনতে নাট উপভোগ কৰিবলৈ আমন্ত্ৰণ জনায় ৷ ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈকে চলিব এই নাট মহোৎসৱ ৷