অসম

জনজাতিকৰণৰ দাবীত শুকুৰবাৰে নাথ যোগী ছাত্ৰ সন্থাৰ সাক্ষাৎ মুখ্যমন্ত্ৰীক…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথ আৰু সম্পাদক অৰবিন্দ নাথৰ নেৰ্তৃত্বত শুকুৰবাৰে সন্থাৰ ছয়জনীয়া প্ৰতিনিধি দল এটাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি কেবাদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে।

জনতা ভৱনৰ মুখ্যমুন্ত্ৰীৰ কাৰ্যালয়ত এক সৌহাদ্যপূৰ্ণ আলোচনাকালত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণ কৰা , নাথ যোগী উন্নয়ন বৰ্ড কাৰ্যক্ষম কৰা, নাথ যোগী জনগোষ্ঠীৰ পৰা কিশোৰ নাথক মন্ত্ৰীত্ব প্ৰদান কৰা আদিকে ধৰি কেবাটাও দাবী উত্থাপন কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাবীসমুহ সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথ আৰু সম্পাদক অৰবিন্দ নাথৰ নেৰ্তৃত্বত যোৱা সঁজাতি দলটোত অসম প্ৰাদেশিক যোগী যুৱ সন্মিলনীৰ সাধাৰণ সম্পাদক বলিন্দ্ৰ কুমাৰ নাথ, নাথ যোগী ছাত্ৰ সন্থাৰ উপদেষ্ঠা বিপ্লৱ নাথ, নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বকুল নাথ উপস্থিত থাকে।