অসম

নাৰায়ণপুৰত বিশ্ব ব্ৰেইল দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ নাৰায়ণপুৰ : ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰটো বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হয় । অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত নাৰায়ণপুৰ শিক্ষাখণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ উদ্যোগত নাৰায়ণপুৰৰ ৩৯৪ নং পিছলা কুশল প্ৰাথমিক বিদ্যালয়ত মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণৰ পিছতে গছপুলি ৰোপণ কৰে বিশেষ প্ৰয়োজনসম্পন্ন শিশুৰ অভিভাৱক সন্থাৰ সম্পাদক জয়ন্ত কুমাৰ বৰাই আৰু পতাকা উত্তোলন কৰে মণ্ডল সমল সমন্বয়ক তিলক কুমাৰ মহন্তই ।

বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে দোৰপাং পিছলা আঞ্চলিক বিকলাংগ অনুষ্ঠানৰ সম্পাদক ধন্টি দাসে । পুৱা ১০ বজাৰ পৰা বিশেষ প্ৰয়োজনসম্পন্ন শিশু সকলৰ মাজত অনুষ্ঠিত কৰা ক্ৰীড়া,কৃষ্টি আৰু সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰে মণ্ডল সমল সমন্বয়ক মঞ্জু হাজৰিকাই । বিয়লী ১ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে মণ্ডল সমল সমন্বয়ক জ্যোতি হাজৰিকাই । সভাৰ মঞ্চ মুকলি কৰে শিক্ষক গৌৰীপ্ৰসন্ন ভৰালীৰ ৰচনা আৰু পৰিচালনাৰে মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা "চিপকো আন্দোলন" শীৰ্ষক এখন ছুটি নাটকে ।

শিমলুগুৰি সম্প্ৰসাৰণৰ মণ্ডল সমল সমন্বয়ক বিতোপন গগৈয়ে উদ্বোধন কৰা মুকলি সভাখনত ঠাকুৰদলনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্তজ্যোতি বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰাৰ বিপৰীতে বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত সৈনিক শোভন চন্দ্ৰ কাকতি,সাংবাদিক দিপান্ত কাকতিয়ে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদানকৰে । অনুষ্ঠানত দিব্যাংগ ছাত্ৰী কুঁহি বৰা আৰু হিমাশ্ৰী দত্তই আধুনিক নৃত্য,লিপিকা বৰাই আধুনিক গীত আৰু মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী স্নেহা গোস্বামীয়ে প্ৰদৰ্শন কৰা একক অভিনয়ে উপস্থিত সকলোকে আপ্লুত কৰে ।