অসম

দক্ষিণ নাৰায়ণপুৰত তিনি মিচিং সংগঠনৰ বিশেষ প্ৰতিনিধিমূলক সভা…

asomiyapratidin

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জাতিৰ ৰাজহাড় স্বৰূপ অগ্ৰণী জাতীয় সংগঠন টি এম পি কে,এম এম কে আৰু টি এম এম কেৰ দক্ষিণ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ এখন বিশেষ প্ৰতিনিধিমূলক সভা নাৰায়ণপুৰৰ মাজগাঁও দিঘলীয়াত অনুস্থিত হৈ যায় ।

টি এম পি কে ৰ কাৰ্য্যালয়ৰ সভা কক্ষত অনুস্থিত হোৱা সভা খনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে সংগঠন কেইটাৰ সভাপতি কেইগৰাকীয়ে পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে সম্পাদক কেইগৰাকীয়ে । ইয়াৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা অনুস্থিত হোৱা বিশেষ প্ৰতিনিধিমূলক সভা খন উদ্বোধন কৰে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ নেতা মহৎ দলেয়ে ।

টি এম পি কেৰ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰিতুল পেগুৰ সভাপতিত্বত অনুস্থিত সভাখনত টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক সত্য কুম্বাং,কাৰ্যনিৰ্বাহক সদস্য বোধেন পেগু,বিহপুৰীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চিত্ৰৰঞ্জন পেগু,সম্পাদক উৎপল পেগু,এম এম কে ৰ বিহপুৰীয়া জিলা সমিতিৰ সভাপতি প্ৰবিত্ৰ কুলি,সম্পাদক জিতেন্দ্ৰ দলে,টি এম এম কেৰ বিহপুৰীয়া জিলা সমিতিৰ সভানেত্ৰী গীতামনি দলে,সম্পাদিকা ৰেখা কুটুমে বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উপৰি জনগোষ্ঠীয় সংগ্ৰামৰ প্ৰাক্তন নেতা তথা দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সচিব বীৰধৰ পাতিৰে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

টি এম পি কেৰ দক্ষিণ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সম্পাদক অনন্ত পেগুৱে আঁতধৰা সভাখনত সন্মিলিত গণ শক্তি অসমৰ নাৰায়ণপুৰ ব্লক সমিতিৰ সভাপতি বসন্ত দলে,টি এম পি কে বিহপুৰীয়া জিলা সমিতিৰ উপ-সভাপতি বিষ্ণু দলে,যুটীয়া সম্পাদক গোবিন্দ পেগু,শিক্ষা সম্পাদক জ্যোতিপ্ৰসাদ দলে,নৰেন দলে,বিৰিঞ্চি পেগু,জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি তৰুণ পেগু,এম এম কেৰ বিহপুৰীয়া জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ধৰ্মেন্দ্ৰ পাটিৰকে ধৰি বহু কেইগৰাকী নেতাই অংশগ্ৰহণ কৰে ।

শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত জনগোষ্ঠীটোৰ উত্তৰণৰ দিশত একাধিক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় । আনহাতে উক্ত সভাতে বিৰিঞ্চি পেগুক সভাপতি আৰু অনন্ত পেগুক সম্পাদক হিচাপে লৈ টি এম পি কে,হেমন্ত দলেক সভাপতি আৰু বিবেক দলেক সম্পাদক হিচাপে লৈ এম এম কে আৰু অঞ্জনা পেগুক সভানেত্ৰী আৰ ৰাজুমনি দলেক সম্পাদিকা হিচাপে লৈ টি এম এম কেৰ দক্ষিণ নাৰায়ণপুৰ আঞ্চলিক সমিতি কেইখন নতুনকৈ গঠন কৰা হয় ।।