অসম

নাৰায়ণপুৰৰ অৱসৰী অধ্যক্ষৰ মহানুভৱতাঃ পেঞ্চনৰ ধনেৰে নিৰ্মাণ পুথিভঁৰাল আৰু সংগ্ৰহালয়, উৎসৰ্গা ৰাইজলৈ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ। ৭৩ বছৰ বয়সতো এজন চফল যুৱকৰ দৰে তেওঁৰ চাল-চলন। সাহিত্য চৰ্চাৰ সমান্তৰালকৈ সমাজ সেৱা হৈ পৰিছে তেওঁৰ লক্ষ্য। প্ৰচাৰ বিমুখ এইগৰাকী অৱসৰী অধ্যক্ষই বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপনৰ উপৰিও নিজৰ পেঞ্চনৰ ধনেৰে নিৰ্মাণ কৰিছে কেবা লাখ টকা ব্যয়সাপেক্ষ এটি ৰাজহুৱা পুথিভৰাল আৰু সংগ্ৰহালয়। মহানুভৱতাৰ পৰিচয় দাঙি ধৰা অৱসৰী শিক্ষক জনৰ নাম যোগেন্দ্ৰনাথ দত্ত।

নাৰায়ণপুৰৰ পানবাৰী গাঁৱৰ নিবাসী যোগেন্দ্ৰ নাথ দত্ত আছিল স্থানীয় মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ। বিগত ২০০৭ চনত অৱসৰ গ্ৰহণ কৰা দত্ত ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত এগৰাকী কৃতি শিক্ষক। এই গৰাকী অধ্যক্ষই অৱসৰ গ্ৰহণৰ পিছৰ পৰাই আৰম্ভ কৰিছে কেতবোৰ ব্যতিক্ৰমী কাৰ্য। ইতিমধ্যে অৱসৰ গ্ৰহণৰ সময়ৰ পৰা বেংকত জমা কৰি অহা পেঞ্চনৰ ধনৰ সূত সহ লাভ কৰা ১০ লাখ টকাৰে স্থানীয় চৌদ্বপুনীয়াত নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে এটা অত্যাধুনিক পুথিভৰালৰ।

য'ত উপলব্ধ কেবা লক্ষাধিক টকাৰ বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ। নতুন প্ৰজন্মৰ ছাত্র-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ সম্পূৰ্ণ নিজা প্ৰচেষ্টাত গঢ়ি তোলা পুথিভঁৰালটো শনিবাৰে শিক্ষক গৰাকীৰ ৭৩ সংখ্যক জন্মদিনৰ দিনাই আনুষ্ঠানিকভাৱে উন্মোচন কৰি বিষ্ণুজ্যোতি শিল্পী সমাজ আৰু মাধৱদেৱ শাখা সাহিত্য সভাক ছমজায় দিয়ে। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পিছতে অঞ্চলটোৰ ৰাইজে প্ৰাক্তন অধ্যক্ষ ডঃ ঈশ্বৰ শৰ্মা ভৰালীয়ে উদ্বোধন কৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে নিজ বাসগৃহৰ পৰা গ্ৰন্থ সম্ভাৰ সহ নৱনিৰ্মিত পুথিভঁৰাললৈ আদৰি নিয়ে অৱসৰী শিক্ষক গৰাকীক।

দিনৰ ১১ বজাত যোগমায়া নেওগ দত্তই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আৰু বিষ্ণুজ্যোতি শিল্পী সমাজৰ উপদেষ্টা ফণি শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত ওপজা দিন পালন অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-ব্যক্তিয়ে অৱসৰী অধ্যক্ষ গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত শুভেচ্ছামুলক বক্তব্য প্ৰদান কৰে ছাত্ৰী চায়স্মৃতা শইকীয়া আৰু কুহি বৰাই। উক্ত অনুষ্ঠানৰ পিছতে বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীয়ে নৱনিৰ্মিত পুথিভঁৰাল আৰু সংগ্ৰহালয় টি শুভ উন্মোচন কৰে।

বিয়লি ১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। বিষ্ণুজ্যোতি শিল্পী সমাজৰ সভাপতি চিদানন্দ দত্তৰ সভপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাধৱ দত্তই। সভাত ৰাষ্ট্ৰীয় কৃৰ্তী শিক্ষক তথা নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ যুগল বৰাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰাৰ বিপৰীতে যুৱ বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে সাহিত্য অকাডেমি বটা প্ৰাপক প্ৰাৰ্থনা শইকীয়াই।

সভাখনত প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপ-সভাপতি প্ৰদীপ নেওগে। উক্ত সভাতে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দিবাকৰ চন্দ্ৰ ডেকাই অন্তৰিক্ষ মন -শীৰ্ষক গ্ৰন্থ খন আৰু শিৱসাগৰৰ হেমেন হাজৰিকাই পুথিভঁৰাল লৈ যাওঁ আহা-শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে। আনহাতে সভাখনতে লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী চায়স্মৃতা শইকীয়াক নগদ দহ হাজাৰ টকা, মান পত্ৰ, কিতাপৰ টোপোলা সহ সাহিত্য বঁটা প্ৰদান কৰে। সন্ধিয়া সামুহিক বন্তি প্ৰজ্বলনৰ পিছতে সন্ধানী মইনা পাৰিজাতৰ মইনা সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে, অধ্যক্ষ গৰাকীয়ে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ উপৰিও লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন এক গুৰুত্বপূৰ্ণ বটা "ভাৰতজ্যোতি"। উক্ত বিভিন্ন বঁটা-বাহনৰ জৰিয়তে লাভ কৰা ধনেৰে তেওঁ প্ৰতি বছৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত জিলা খনৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক ৰাজহুৱাকৈ অভিনন্দন জনোৱাৰ লগতে দহ হাজাৰ টকাকৈ প্ৰদান কৰি অহাৰ লগতে গ্ৰীষ্ম বন্ধৰ সময়ত ছাত্র-ছাত্ৰী সকলক বিনামূলীয়াকৈ পাঠদান কৰি আহিছে।

আনহাতে এইগৰাকী অৱসৰী অধ্যক্ষই বৰ্তমানলৈকে লিখি উলিয়াইছে ২৩ খনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ। ইয়াৰে ৩ খন শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত আৰু ৪ খন মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ওপৰত লিখা গ্ৰন্থ। এই গৰাকী অৱসৰী অধ্যক্ষৰ মহানুভৱতাক বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰসংশা কৰিছে।