অসম

স্বামীৰ লগত সুখী হ’ব নোৱাৰি বোৱাৰীয়ে বাছি ল’লে আত্মহত্যাৰ পথ..

asomiyapratidin

স্বামীৰ লগত সুখী হ'ব নোৱাৰি বোৱাৰীয়ে বাছি ল'লে আত্মহত্যাৰ পথ..

ডিজিটেল সংবাদ নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাঙত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। স্বামীৰ লগত সুখী হ'ব নোৱাৰি অৱশেষত এগৰাকী মহিলাই বাছি ললে আত্মহত্যাৰ পথ। বিগত এমাহ ধৰি দোৰপাং বৰলাপাৰ গাঁৱৰ মাতৃগৃহত থিতাপি লোৱা কৰবী ভূঞা নামৰ মহিলাগৰাকীয়ে আজি পুৱা ১০-৩০ বজাত চিপ লৈ আত্মহত্যা কৰে। জানিব পৰা মতে যোৱা মাঘ মাহত নাৰায়ণপুৰৰ সমীপৰ শিঙীয়া গাঁৱৰ লীলা শইকীয়াৰ সৈত বিবাহপাশত আবদ্ধ হৈছিল স্থানীয় খেৰাজখাত মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাষিকত অধ্যয়নৰত বৰলাপাৰ গাঁৱৰ ললিত ভূঞাৰ কন্যা কৰবী ভূঞা।

বিয়াৰ কিছুদিন পিছতেই মায়াময় সংসাৰত ধৰিলে ঘূনে। দিন বগৰাৰ লগে লগে দুয়োৰে মাজত বৃদ্ধি পাবলৈ ধৰিলে দূৰত্ব। ঘনাই সংঘটিত হ'বলৈ ল'লে সংঘাত৷ ক্ৰমান্বয়ে দম্পতীহালৰ মাজত বৈবাহিক সম্পৰ্কত ফাঁট মেলে৷ সামাজিকভাৱে দুয়োৰে মাজত বৈবাহিক সম্পৰ্ক সম্পন্ন হ'লেও শেহতীয়াকৈ এই দুই স্বামী-স্ত্ৰীৰ মাজত সকলো সম্পৰ্কৰ অৱসান ঘটে৷ ইয়াকে লৈ লীলা শইকীয়াৰ পত্নী কৰবী মানসিকভাৱে ভাগি পৰে৷ পৰিনতিত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি লয় কৰবীয়ে ।

গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌ যাওঁতেই এগৰাকী বোৱাৰীয়ে এনেদৰে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখ্য যে আত্মহত্যাৰ পূৰ্বে তিনি পৃষ্ঠাজোৰা চুইচাইড নোট লিখি থৈ যায় মৃত বোৱাৰী গৰাকীয়ে । পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তইহে পোহৰলৈ আনিব বোৱাৰী গৰাকীৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য ।