অসম

নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিৰ পৰা সন্ধানহীন কলেজীয়া ছাত্ৰ…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঢলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বনপুৰৈ জামুগুৰিৰ পৰা এজন কলেজীয়া ছাত্ৰ সন্ধানহীন হৈছে। যোৱা ১৭ জুনৰ পৰা সন্ধানহীন হৈ আছে জিতুপন হাজৰিকা নামৰ ছাত্ৰ জন। স্থানীয় হৰিদাস গাঁৱৰ দিলীপ হাজৰিকাৰ পুত্ৰ ১৯ বছৰীয়া ছাত্ৰজন কলাবাৰী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ আছিল।

ইতিমধ্যে পৰিয়ালৰ লোকে ছাত্ৰ জনৰ সন্ধানহীন সন্দৰ্ভত ঢলপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । পৰিয়ালৰ লোকে মিতিৰ কুতুমৰ ঘৰৰ লগতে সাম্ভাব্য সকলো স্থানতে মেধাসম্পন্ন ছাত্ৰ জনৰ বিচাৰ খোচাৰ কৰিছে যদিও কোনো ধৰনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

মেধাৱী ছাত্ৰ জন সন্ধানহীন হোৱাৰ পিছৰে পৰা অঞ্চলবাসীৰ লগতে পৰিয়ালৰ লোকসকল দুখত ভাগি পৰিছে । কোনো লোকে নিৰুদ্দিষ্ট ছাত্ৰজনৰ কিবা সম্ভেদ লাভ কৰিলে ৯৩৬৫৪-৬৭৮১৭ এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।