অসম

নাৰায়ণপুৰৰ পিছলা শাখা সাহিত্য সভাৰ নতুন সমিতি গঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: অসম সাহিত্য সভাৰ অন্যতম শতদল শাখা হ'ল নাৰায়ণপুৰৰ পিছলা শাখা সাহিত্য সভা। পিছলা শাখা সাহিত্য সভাৰ নতুন সমিতিখনে আজি আনুষ্ঠানিক দায়িত্ব ভাৰ গ্ৰহণ কৰে।

এই উপলক্ষে পিছলা শাখা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয় ত্ৰিবেনী সংগমত সদ্যপ্ৰাক্তন সভাপতি ৰেবকান্ত হাজৰিকাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাখনতে সভাপতি লক্ষেশ্বৰ শইকীয়া, উপ-সভাপতি গিৰীশ কাকতি, সম্পাদক ডিম্পল হাজৰিকা, সহকাৰী সম্পাদক ফনীধৰ শইকীয়া আৰু দিপান্ত কাকতি, প্ৰত্ৰিকা উপসমিতিৰ সভাপতি কৃষ্ণ প্ৰসাদ বৰা, সম্পাদক অপূৰ্ব জোনাক শইকীয়া, কোষাধ্যক্ষ মোহন বৰা, জিলা সদস্য মহেন্দ্ৰ শইকীয়া, আঁকাশ উপ'সমিতিৰ সভাপতি ভদ্ৰেশ্বৰী শইকীয়া, সম্পাদিকা দেৱজানী দত্ত, সহকাৰী সম্পাদিকা পল্লৱিতা বৰা, কুঁহি অনুষ্ঠানৰ সভাপতি বকুল শইকীয়া, সম্পাদক লাতু শইকীয়া, সহকাৰী সম্পাদক দেৱজানী দত্ত, ৰামধেনু সমিতিৰ সভানেত্ৰী মৃনালী গন্ধীয়া, সম্পাদক প্ৰাৰ্থপ্ৰতিম দত্ত, সহকাৰী সম্পাদক ডলি বৰা আৰু বিপুল কাকতি, দিবাকৰ বৰা, মিন্টু কাকতি, ভূৱন শইকীয়া, মীনেশ্বৰ ভূঞা, জয়ন্ত বৰা, ইন্দ্ৰ বৰুৱা, বিতোপন শৰ্মা, লিলা বৰা, লিম্পি হাজৰিকা, মিলু শইকীয়া, মৰমী হাজৰিকা, প্ৰবীণ হাজৰিকা আৰু কল্পনা হাজৰিকাক সদস্য হিচাপে লৈ পৰৱৰ্তী দুবছৰৰ বাবে গঠন কৰা নতুন সমিতিখনে দায়িত্ব ভাৰ গ্ৰহণ কৰে।

পিছলা শাখা সাহিত্য সভাৰ সদ্যপ্ৰাক্তন সম্পাদক মহেন্দ্ৰ শইকীয়াই আঁতধৰা সভাখনত বিগত অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনত দিন-ৰাতি একাকাৰ কৰি সেৱা আগবঢ়োৱাৰ পিছতো অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ "নাৰায়ণপুৰ দৰ্পণ"ত পিছলা শাখাৰ লগতে আন শাখা সমূহৰ প্ৰতি কৃতজ্ঞতা সূচক এটা বাক্যও প্ৰকাশ নকৰাত সভাই গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে। লগতে পৰৱৰ্তী কাৰ্যকালৰ বাবে আন কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাখনত পিছলা শাখা সাহিত্য সভাৰ উপদেষ্টা অনন্ত শইকীয়া, লক্ষী শইকীয়া আৰু জগন্নাথ দাস উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।