অসম

নাৰায়ণপুৰত বিভিন্ন প্ৰজাতিৰ মাছৰ উজান উঠিছেঃ এঁসাজ উদৰ পুৰাই খাবৰ বাবে হেতাওপৰা সহস্ৰাধিক লোকৰ

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ মাছৰ উজান উঠিছে নাৰায়ণপুৰত। ৰৌ, বাহু, চিতল, কুহি, আৰি, মালি, ভেউ, বৰালীকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছৰ উজান উঠিছে লখিমপুৰৰ নাৰায়ণপুৰত। কুইন্টলে কুইন্টলে মাছ ওলাইছে নাৰায়ণপুৰত।

তাৰে এঁসাজ মাছ পৰিয়ালৰ সৈতে জুটি লগাই খোৱাৰ হেপাঁহেৰে নিবলৈ হেতাওপৰা লাগিছে নাৰায়ণপুৰৰ ঐতিহাসিক ৰাধাপুখুৰীৰ পাৰত। শ শ লোক পুৱাৰে পৰা শাৰী পাতি থিয় হৈ মাছৰ বাবে অপেক্ষা কৰে নাৰায়ণপুৰৰ ঐতিহাসিক ৰাধাপুখুৰীৰ পাৰত। উদ্যেশ্য হেপাঁহেৰে এঁসাজ খাবৰ বাবে মাছ নিয়া।

নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত ৰাধাপুখুৰী মীনপালন কেন্দ্ৰত শনিবাৰৰ পুৱাৰে পৰা সূলভ মুল্যত মাছ বিক্ৰী কৰা হৈছে। এক কেজিৰ পৰা দহ-বাৰ কেজি পৰ্যন্ত ওজনৰ মাছ চৰকাৰী দাম অনুসৰি প্ৰতি কেজিত ১৫০ টকাৰ পৰা তিনিশ টকা দৰত বিক্ৰী কৰিছে।

প্ৰচণ্ড ৰ'দ আৰু গৰমকো নেওচি পুৱাৰে পৰা বিয়লি পৰ্যন্ত হাতে হাতে কুপন লৈ মাছ ক্ৰয় কৰিবৰ বাবে শাৰি পাতি থিয় হয় বহুলোক। সহস্ৰাধিক লোকৰ সমাগম ঘটা উক্ত মাছ ক্ৰয় স্থলীত আৰক্ষীও মোতায়েন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়।

জিলা প্ৰশাসনৰ সহযোগত মীন বিভাগে আয়োজন কৰা এই বিপনন কাৰ্যসূচীৰ তদাৰক কৰিছে স্থানীয় ৰাজহ চক্ৰ বিষয়া বনি ইনাম ছাদাপ, মীন উন্নয়ণ বিষয়া বৰ্ষাৰাণী চেতীয়া, আৰক্ষী বিষয়া জেমচ ভি চিমটেৰ লগতে বিভাগীয় কৰ্মচাৰী সকলে।

উল্লেখ্য যে, তিনিদিনত বিভিন্ন প্ৰজাতিৰ প্ৰায় ১৫ কুইন্টলৰো অধিক মাছ বিক্ৰী কৰা হৈছে। ইফালে একাংশ লোক পুৱাৰে পৰা খাপ পিতি থকাৰ পিছতো এসাজ মাছ সংগ্ৰহ কৰিব নোৱাৰি দুখ মনেৰে ঘৰলৈ উভতি যাব লগাও হৈছে।

আনহাতে ৰজাদিনীয়া ঐতিহাসিক পুখুৰীতো চৰকাৰৰ অৱহেলা-অমনোযোগীতাৰ বাবে সম্প্ৰতি বিধ্বস্ত হৈ পৰাৰ লগতে শেহতীয়াকৈ মাছৰ পোনা উৎপাদনো বন্ধ হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে। পুখুৰীতোৰ সন্দৰ্ভত শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।