অসম

মাধৱদেৱৰ জন্মস্থানত আঁচনি ৰূপায়ণত দুৰ্নীতি : উপায়ুক্তৰ নিৰ্দেশো অমান্য বিষয়া-ঠিকাদাৰৰ…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক ভেঙুচালী কৰি নাৰায়ণপুৰৰ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ উন্নয়নৰ নামত আৱন্টিত আচনিৰ ধনো লুন্ঠন কৰিলে চৰকাৰী বিষয়া-ঠিকাদাৰে । এই সন্দৰ্ভত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল ।

থান পৰিচালনা সমিতিৰ সমান্তৰাল কৈ স্থানীয় ৰাইজে দাবী উথ্বাপন কৰিছিল তদন্তৰ ।অৱশেষত লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশত বিগত ডেৰ মাহৰ পূৰ্বে এগৰাকী অতিৰিক্ত উপায়ুক্তই নিৰ্মাণ স্থলীত উপস্থিত হৈ দুৰ্নীতি সংঘটিত হোৱা উক্ত আচনিৰ তদন্ত কৰাৰ লগতে কনিষ্ঠ অভিযন্তা জ্যোতিপ্ৰসাদ দেউৰী আৰু ঠিকাদাৰ পৰেশ নেওগ আৰু বাবা কটকীক ১৫ দিনৰ ভিতৰত নিৰ্মাণৰ কাম পূনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে অন্যথা তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে । কিন্তু পৰিতাপৰ কথা যে ১৫ দিনটো দুৰৰে কথা ডেৰ মাহ অতিক্ৰম কৰাৰ পিছতো এক ট্ৰেক্টৰ কৈ শিল-বালি পেলায়েই দায়িত্ব সামৰিলে ঠিকাদাৰে ।

বিষয়া-ঠিকাদাৰৰ এই ধৰণৰ মইমতালিক লৈ থান পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । খোদ জিলা উপায়ুক্তৰ নিৰ্দেশকো অমান্য কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে উক্ত বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ ৰ দাবী জনাইছে।

উল্লেখ্য যে মহাপুৰুষ গুৰুজনাৰ জন্মস্থানখনৰ ঐতিহ্যমণ্ডিত লেটেকুপুখুৰীৰ পাৰ পকীকৰণৰ নামত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ তৰফৰ পৰা এম জি এন ৰেগা আচনিৰ অধীনত ৫ লাখ টকা আৱন্টন দিয়া হৈছিল । বিগত বৰ্ষত আৰম্ভ হৈছিল পকীকৰণৰ কাম । স্থানীয় পৰেশ নেওগ আৰু বাবা কটটী নামৰ দুগৰাকী লোকে এই কাম ৰূপায়ণৰ দায়িত্ব লৈ অতি নিম্নমানেৰে নিৰ্মাণ কাৰ্য সম্পাদন কৰিছিল ।

দুৰ্ভাগ্যজনক কথা যে নাৰায়ণপুৰ খণ্ড উন্নয়ন বিষয়াজনৰ লগতে কনিষ্ঠ অভিযন্তা জ্যোতিপ্ৰসাদ দেউৰীৰ পূৰ্ণ ছত্ৰছায়াত ঠিকাদাৰ দুগৰাকীয়ে অতি নিম্নমানেৰে কাম সম্পাদন কৰি আৱন্টিত সমুদায় ধন আত্মসাৎ কৰাৰ ফলতেই এনেদৰে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কেইদিনমানৰ পিছতে খহি পৰিল দেৱাল খন ।

বিষয়া-ঠিকাদাৰে থান পৰিচালনা সমিতিৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈয়ে সম্পূৰ্ণ মইমতালীৰে নিৰ্মাণ কাৰ্য সম্পাদন কৰাৰ লগতে পকী দেৱালখন খহি পৰা কাৰ্যত ক্ষুদ্ধ হৈ স্থানীয় প্ৰশাসনৰ লগতে লখিমপুৰ জিলা উপায়ুক্তক সমগ্ৰ কাণ্ডৰ তদন্ত কৰিবলৈ লিখিত আবেদন জনাইছিল জন্মস্থান পৰিচালনা সমিতিয়ে । এম জি এন ৰেগা আচনি ৰূপায়ণৰ তথ্য ফলক থাকিব লাগে যদিও পৰিতাপৰ কথা যে উক্ত আচনিৰ কোনো তথ্য ফলকেই নাই ।

সম্পূৰ্ণ নীতি বহিৰ্ভূত ভাবে ৰূপায়ণ কৰা উক্ত আচনিৰ তদন্ত কৰি জিলা উপায়ুক্তৰ নিৰ্দেশত এগৰাকী অতিৰিক্ত উপায়ুক্তই যোৱা নবেম্বৰ মাহতে ১৫ দিনৰ ভিতৰত উক্ত নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল ।।