অসম

নাৰায়ণপুৰৰ ৰাজগড়ত এম জি এন ৰেগাৰ আঁচনিৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ বুমেৰাঙত পৰিণনত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণৱাল চৰকাৰৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ নীতি। নাৰায়ণপুৰত এম জি এন ৰেগা আঁচনিৰ ৰূপায়ণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। নিম্ন মানৰ কামেৰে বিষয়া-ঠিকাদাৰে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে দুৰ্নীতি-অনিয়ম।

প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ বাবে এম জি এন ৰেগা আঁচনিৰ অধীনত আৱন্টন দিয়া হৈছিল ১৫ লাখ টকা। কিন্তু দুৰ্ভাগ্যজনক কথা যে, পথচোৱা নিৰ্মাণৰ নমত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। নিৰ্দিষ্ট জোখতকৈ পথচোৱা ঠেককৈ নিৰ্মাণ কৰাৰ ফলত ডাঙৰ গাড়ীটো দুৰৰে কথা দুখন সৰু গাড়ীও সমানে পাৰ হ'ব নোৱাৰে পথটিৰে। আনহাতে মাটি পেলোৱাৰ নামত সামাণ্য পৰিমাণৰ মাটি পেলায়েই দায়িত্ব সামৰিলে ঠিকাদাৰে।

পথচোৱাত ৩ লাখ টকাৰে তিনিটা পকী কালভাৰ্ট নিৰ্মাণ কৰা হৈছে যদিও সেয়াও তথৈবচ। ইফালে এটা অংশত এটা বহল কালভাৰ্টৰ প্ৰয়োজন আছিল যদিও সেই অংশত কোনোধৰণৰ নিৰ্মাণ কাৰ্য নোহোৱাত ৰাইজে পৰিত্যক্ত বিদ্যুতৰ খুটাৰে দলং নিৰ্মাণ কৰি অব্যাহত ৰাখিছে বিপদ সংকুল যাতায়ত। আনহাতে পথচোৱাত থকা হাইঠু জানত এখন পকী দলং নোহোৱাত এখন বাহৰ দলঙেৰেই ৰাইজে অব্যাহত ৰাখিছ যাতায়ত। ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছে পথচাৰীসকল।

উক্ত পথচোৱাৰ নিৰ্মাণ কাৰ্যত সংঘটিত হোৱা বিসংগতি সমূহ নাইকীয়া কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে স্থানীয় বিধায়ক দেৱনন্দ হাজৰিকাৰ হস্তক্ষেপৰো দাবী জনাইছে স্থানীয় ৰাইজে। উল্লেখ্য যে, উক্ত পথচোৱাৰ নিৰ্মাণ কাৰ্যত দুগৰাকী স্থানীয় বিজেপি নেতা প্ৰত্যক্ষভাবে জড়িত আছে বুলি ৰাইজৰ অভিযোগত প্ৰকাশ।