অসম

৭৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল ৬বছৰীয়া শিশু, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিলতীয়া গাঁৱত বুধবাৰে বিয়লি এটি ছবছৰীয়া কন্যা শিশু এগৰাকী ৭৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ব লগা হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি আনদিনাৰ দৰে বুধবাৰেও শিশুটিৰ মাকে কাষতে থকা ককাক উমেশ্বৰ বৰুৱা নামৰ বৃদ্ধগৰাকীৰ ওচৰত থৈ ওলাই গৈছিল। কিন্তু ঘৰত কোনো নথকাৰ সুযোগ লৈ অসৎ কামনা চৰিতাৰ্থ কৰাৰ লগে লগে শিশুটিয়ে চিঞৰ বাখৰ কৰাত ঘটনা পোহৰলৈ আহে।

কন্যা সন্তানটি বৰ্তমান সংকটজনক অৱস্থাত লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনা সংঘটিত কৰি বুধবাৰৰে পৰা পলাতক অৱস্থাত থকা বৃদ্ধ গৰাকীক বহস্পতিবাৰে নাৰায়ণপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীয়ে গোচৰ নং ১৪২/১৯,৩৭৬ নং ধাৰাত এক গোচৰ ৰুজু কৰি অভিযুক্ত উমেশ্বৰ বৰুৱাক জেল হাজোটলৈ প্ৰেৰণ কৰিছে।

আনহাতে সমগ্ৰ ঘটনাটো অভিযুক্ত উমেশ্বৰ বৰুৱাই অস্বীকাৰ কৰি শিশুটিৰ লগত পূৰ্বৰ নিচিনাকৈ ধেমালি কৰা বুলিহে স্বীকাৰোক্তি দিয়াৰ লগতে এই কাৰ্যক পৰিকল্পিত ষৰযন্ত্ৰ বুলিহে আখ্যা দিয়ে।