অসম

নাৰায়ণপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষই পেঞ্চনৰ ধনেৰে নিৰ্মাণ কৰিছে ৰাজহুৱা পুথিভঁৰাল…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: এগৰাকী ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত অধ্যক্ষ। সাহিত্য চৰ্চাৰ সমান্তৰালকৈ সমাজ সেৱা হৈ পৰিছে তেওঁৰ লক্ষ্য। প্ৰচাৰ বিমুখ এইগৰাকী অৱসৰী অধ্যক্ষই বিভিন্ন স্থানত গছপুলি ৰোপনৰ উপৰিও নিজৰ পেঞ্চনৰ ধনেৰে নিৰ্মাণ কৰিছে দহ লক্ষ্য টকা ব্যয় সাপেক্ষ এটি ৰাজহুৱা পুথিভঁৰাল । এই অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ নাম যোগেন্দ্ৰনাথ দত্ত ।

লখিমপুৰৰ নাৰায়ণপুৰ নগৰৰ সমীপৰ পানবাৰী গাঁৱৰ নিবাসী যোগেন্দ্ৰ নাথ দত্ত আছিল স্থানীয় মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ । বিগত ২০০৭ চনত অৱসৰ গ্ৰহণ কৰা দত্ত ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত এগৰাকী কৃতি শিক্ষক । এই গৰাকী অধ্যক্ষই অৱসৰ গ্ৰহণৰ পিছৰ পৰাই আৰম্ভ কৰিছে কেতবোৰ ব্যতিক্ৰমী কাৰ্য । ইতিমধ্যে অৱসৰ গ্ৰহণৰ সময়ৰ পৰা বেংকত জমা কৰি অহা পেঞ্চনৰ ধনৰ সূত সহ লাভ কৰা ১০ লাখ টকাৰে স্থানীয় চৌদ্বপুনীয়াত নিৰ্মাণ কৰি আছে এটা অত্যাধুনিক পুথিভঁৰাল । য'ত উপলব্ধ হ'ব কেবা লক্ষাধিক টকাৰ বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ।

নতুন প্ৰজন্মৰ ছাত্র-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ সম্পূৰ্ণ নিজা প্ৰচেষ্টাত গঢ়িব খোজা পুথিভঁৰালটো অহা বৰ্ষৰ ১ ফেব্ৰুৱাৰীত উন্মোচন কৰি বিষ্ণুজ্যোতি শিল্পী সমাজ আৰু মাধৱদেৱ শাখা সাহিত্য সভাক চমজায় দিব তেওঁ। আনহাতে অধ্যক্ষ গৰাকীয়ে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতি শিক্ষকৰ বটা লাভ কৰাৰ উপৰিও লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ "ভাৰতজ্যোতি" বঁটাও।

উক্ত বিভিন্ন বঁটা-বাহনৰ জৰিয়তে লাভ কৰা ধনেৰে তেওঁ প্ৰতি বছৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত জিলা খনৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক ৰাজহুৱাকৈ অভিনন্দন জনোৱা আৰু দহ হাজাৰ টকাকৈ প্ৰদান কৰি অহাৰ লগতে গ্ৰীষ্ম বন্ধৰ সময়ত ছাত্র-ছাত্ৰী সকলক বিনামূলীয়াকৈ পাঠদান কৰি আহিছে । উল্লেখ্য যে এইগৰাকী অৱসৰী অধ্যক্ষই বৰ্তমানলৈকে লিখি উলিয়াইছে ২৩ খনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ ।