অসম

বিশিষ্ট সাহিত্যিক-গৱেষক যোগেন তামুলীৰ দ্বিতীয় স্মাৰক দিবসৰ আয়োজন…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: অসমীয়া ভাষা সাহিত্যৰ নীৰৱ সাধক, গবেষক, মাধৱদেৱ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক প্ৰয়াত যোগেন তামুলীৰ দ্বিতীয় বাৰ্ষিক স্মাৰক দিবসটি শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে জন্ম গাঁও নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পুলিনাহৰণিত আয়োজন কৰা হৈছে। অসম সাহিত্য সভাৰ অন্যতম শাখা উত্তৰ পিছলা শাখা সাহিত্য সভা আৰু শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বৰনাহৰণি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজন কৰা স্মাৰক দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণৰ পিছতে দিনৰ ১০.৩০ বজাত স্মৃতি সভাখন অনুষ্ঠিত হ'ব ।

শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা সভাখন উদ্বোধন কৰিব উত্তৰ পিছলা শাখা সাহিত্য সভাৰ সভাপতি যজ্ঞোৰাম বৰাই। বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ অমূল্য হাজৰিকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব লগা সভাখনত সন্মানীয় অতিথি হিচাপে শংকৰদেৱ মহাবিদ্যালয়ৰ উপাধ্যক্ষ অজিত গোস্বামী আৰু বিশিষ্ট অতিথি হিচাপে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক যোগেন শইকীয়াই অংশগ্ৰহণ কৰিব। স্মাৰক অনুষ্ঠানটি সফল ৰূপায়নৰ বাবে ইতিমধ্যে কমল শইকীয়াক সভাপতি আৰু কুমুদ বৰাক সম্পাদক হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ।