অসম

অবৈধ অৰুণাচলী সুৰা সহ মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : অবৈধ সুৰাৰ বিৰুদ্ধে নাৰায়ণপুৰ আৰক্ষীৰ অভিযান ৷ যোৱানিশা নাৰায়ণপুৰ আৰক্ষীয়ে অভিযান চলাই স্থানীয় মেৰমুখ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ৯ কাৰ্টুন অবৈধ সুৰা সহ ৰিজু বনিয়া নামৰ এগৰাকী মহিলা৷ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে ৰাজ্যত অব্যাহত থকা সুৰা ব্যৱসায় বন্ধৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা তৎপৰতাৰ মাজতে যোৱানিশা ধৰা পৰিল বৃহৎ পৰিমাণৰ সুৰা সহ মহিলা ব্যৱসায়ীগৰাকী৷

মহিলাগৰাকীৰ দোকানৰ পৰা জব্দ কৰা সুৰা সমুহৰ ভিতৰত অধিকাংশই আছিল অবৈধ অৰুণাচলী সুৰা৷ উল্লেখ্য যে নাৰায়ণপুৰৰ মেৰমুখ অঞ্চলত দীৰ্ঘদিন ধৰি অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ বৃহৎ বেহা৷ একাংশ সুৰা বেপাৰীয়ে অৰুণাচলৰ পৰা সুৰা ক্ৰয় কৰি অসমৰ লেবেল লগাই নাৰায়ণপুৰ অঞ্চলত গাঁৱৰ লোকৰ দ্বাৰা বিক্ৰী কৰি আহিছে৷ এইগৰাকী মহিলাই নাৰায়ণপুৰৰ ঋষিভুষণ হাজৰিকা নামৰ সুৰা ব্যৱসায়ী গৰাকীৰ পৰা ক্ৰয় কৰিছিল বৃহৎ পৰিমানৰ অবৈধ সুৰাখিনি৷ এয়া মাথো এক উদাহৰণহে৷ এনে বহু সুৰাৰ ঘাটি আছে বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ গাঁৱে গাঁৱে৷