অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গান্ধী জয়ন্তী আৰু শান্তি দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: উত্তৰ-পূৱ ভাৰতৰ অগ্ৰণী ধৰ্মীয়, সাংস্কৃতিক-আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ উদ্যোগত আৰু মণিকাঞ্চন আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত পানবাৰী গোবিন্দ আতা প্ৰাথমিক শাখাৰ নামঘৰত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গান্ধী জয়ন্তী আৰু শান্তি দিৱস উদযাপন কৰা হয় ।

জিলা শাখাৰ শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ তত্বাৱধানত অনুষ্ঠিত কৰা দিৱসৰ কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে গছপুলি ৰোপন কৰে মণিকাঞ্চন আঞ্চলিক শাখাৰ সভাপতি গোলোক বৰুৱাই ।

আনহাতে বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ সভাপতি ক্ষীৰেশ্বৰ বৰাই ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে শান্তি সমদল যাত্ৰাৰ শুভ উদ্বোধন কৰে জিলা শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ সম্পাদিকা জোনমনি শইকীয়াই । দিনৰ ১২ বজাৰ পৰা জিলা শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী অৰুণা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠিত হয় ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰাক্তন সদস্য গোলাপ বৰুৱাই উদ্বোধন কৰা মুকলি সভাখনত শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সদস্যা ৰীণা হাজৰিকা বৰাই নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰাৰ বিপৰীতে বিশিষ্ট অতিথি হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য প্ৰদীপ ভূঞা, শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সদস্যা বুলু ভূঞা আৰু প্ৰাক্তন কেন্দ্ৰীয় সদস্যা বিবি শইকীয়াই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।