অসম

নাৰায়ণপুৰত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কেন্দ্ৰ উৎখাত, আটক এজনক…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত গাঁও পঞ্চায়তৰ তত্বাৱধানত চলি থকা ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কেন্দ্ৰ উৎখাত কৰাৰ লগতে স্বত্বাধিকাৰ গৰাকীক আটক কৰে আৰক্ষীয়ে । ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নাৰায়ণপুৰৰ বৰবৰিৰ মিলন চাৰিআলিস্থিত ৰূপা কম্পিউটাৰ এন্টাৰপ্ৰাইজ নামৰ কেন্দ্ৰটোত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত সংঘটিত হৈ আহিছে ব্যাপক জালিয়াতি ৷

খোদ পিছলা গাঁও পঞ্চায়তৰ সভাপতি শৰৎ হাজৰিকা আৰু সচিব দীননাথ দলে সহযোগত সংঘটিত হৈ আহিছে এই জালিয়াতি । উল্লেখ্য যে, দৰিদ্ৰ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰিবলৈ চৰকাৰে আধাৰ কাৰ্ড বাধ্যতামূলক কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ পিছলা গাঁও পঞ্চায়তেও উক্ত কেন্দ্ৰটোৰ স্বত্বাধিকাৰ গজেন দাসক মাতি নি আধাৰকাৰ্ড প্ৰস্তুতৰ কৰ্তৃত্ব প্ৰদান কৰে । কিন্তু দুৰ্ভাগ্যজনক কথা যে উক্ত কেন্দ্ৰটো সম্পূৰ্ণ ভুৱা ।

কোনো ধৰণৰ বিভাগীয় নথিপত্ৰৰ অবিহনে চলাই থকা কেন্দ্ৰটোৰ স্বত্বাধিকাৰ গৰাকীয়ে প্ৰতিগৰাকী গ্ৰাহকৰ পৰা নগদ দুশৰ পৰা পাঁচশ টকাকৈ ধন লোৱাৰ পিছতো বিগত এমাহে কাৰ্ড প্ৰস্তুত কৰি দিব নোৱাৰাত সোমবাৰে কেবাশতাধিক শতাধিক গ্ৰাহক কেন্দ্ৰটোত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । উত্তেজিত গ্ৰাহক সকলে আধাৰ কাৰ্ডৰ পৰিৱৰ্তে জমা দিয়া ধন বিচাৰি সৃষ্টি কৰে এক হুলস্থূলীয়া পৰিস্থিতিৰ৷

উত্তেজিত গ্ৰাহক সকলে কেন্দ্ৰটোত উপস্থিত থকা পঞ্চায়ত সভাপতি শৰৎ হাজৰিকা আৰু সচিব দীননাথ দলেকো জবাবদিহি কৰে । পৰৱৰ্তী সময়ত নাৰায়ণপুৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল কেন্দ্ৰটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু কেন্দ্ৰটোৰ স্বত্বাধিকাৰ গজেন দাসক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে খোদ গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবেই আধাৰ কাৰ্ড প্ৰস্তুত কেন্দ্ৰটো যে ভুৱা সেইটো নজনাটো দুৰ্ভাগ্যজনক হিচাপে অভিহিত কৰিছে দৰিদ্ৰ গ্ৰাহক সকলে ।