অসম

ৰাজ্যৰ শিক্ষাখণ্ডত চৰম অৰাজকতাঃ শিক্ষা বৰ্ষ শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন, শিক্ষাৰ্থীয়ে আজিও লাভ নকৰিলে ইউনিফৰ্ম, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিক্ষা বিভাগত চৰম অৰাজকতা। শিক্ষা বৰ্ষ শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিদ্যালয় সমূহৰ ছাত্র-ছাত্ৰী সকলে আজিও লাভ নকৰিলে চৰকাৰী ইউনিফৰ্ম। ইতিমধ্যে চলিত বৰ্ষৰ এপ্ৰিল-মে' মাহতে বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলৰ বেংক একাউণ্টত ছাত্র-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত ধন সোমাল যদিও বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলে পূৰ্বৰ দৰে সেই ধন উলিয়াই ইউনিফৰ্ম ক্ৰয় কৰি ছাত্র-ছাত্ৰী সকলক যোগান ধৰিব পৰা নাই।

কাৰণ বৰ্তমানেও শিক্ষক সকলে লাভ কৰা নাই কোনো নিৰ্দেশনা। ফলত ছাত্ৰ-ছাত্ৰী সকলৰ একাংশই পুৰণা ইউনিফৰ্মকে বিদ্যালয়লৈ পিন্ধি অহাৰ বিপৰীতে একাংশ ছাত্র-ছাত্ৰী সাধাৰণ সাজপাৰ পৰিধান কৰিয়েই বিদ্যালয়লৈ অহা যোৱা কৰি আহিছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই টোগলগী কৰ্ম-কাণ্ডই বিদ্যালয় সমূহৰ শিক্ষক সকলক চিন্তিত কৰি তোলাৰ লগতে ই চৰম দুৰ্ভাগ্যজনক হিচাপে অভিহিত কৰিছে।

এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগত আমূল পৰিবৰ্তন হোৱা বুলি সভাই-সমিতিয়ে দম্ভালি মাৰি অহা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিব নে।