অসম

কোৰোনাৰ বিভীষিকা : নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত মহা পালনাম সম্পন্ন…

asomiyapratidin

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : সম্প্ৰতি ভয়াবহ ৰূপত বৃদ্ধি পোৱা মহামাৰী কোৰোনা নিমূৰ্ল হোৱাৰ লগতে কোৰোণা সৃষ্ট অসূয়া-অপ্ৰিতিকৰ পৰিস্থিতি দুৰ হৈ স্বাভাৱিক পৰিবেশ ঘুৰি অহাৰ কামনাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মহাপুৰুষ গুৰুদুজনাৰ মণিকাঞ্চন সংযোগ স্থলি শ্ৰী শ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় মহা পালনাম ৷

শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই ধুৱাহাট বেলগুৰি সত্ৰতে প্ৰথমে পালনাম আৰম্ভ কৰা বুলি প্ৰবাদ আছে ৷ যাৰবাবে পৰম্পৰা অক্ষুন্ন ৰাখি প্ৰতিবছৰে সত্ৰখনত অনুষ্ঠিত হৈ আহিছে মহা পালনাম ৷ মহামাৰী কোৰোনাৰ বিভিষিকাময় পৰিস্থিতিৰ মাজতে এইবাৰো সম্পূৰ্ণ কোভিড প্ৰট'কল মানি সীমিত সংখ্যক ভকতেৰে অনুষ্ঠিত হয় মহা পালনাম ৷ পুৱাৰ নৈমিত্তিক নামকীৰ্তনৰ অন্তত অনুষ্ঠিত মহা পালনামলৈ নিমন্ত্ৰণ জনোৱা হৈছিল মাত্ৰ পোন্ধৰ গৰাকী ভকতবৈষ্ণৱক ৷

সামাজিক দুৰত্ব বৰ্তাই ৰাখি অনুষ্ঠিত হোৱা পালনামৰ জৰিয়তে দেশৰ পৰা মহামাৰী কোৰোনা ভাইৰাছ নিৰ্মুল হোৱাৰ লগতে স্বাভাৱিক পৰিৱেশ ঘুৰি অহাৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালে সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ৷ পালনামত নিমন্ত্ৰিত অতিথি ৰুপে উপস্থিত থাকে শ্ৰী শ্ৰী বদুলা পদ্মআতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দ্বীপ মহন্ত ৷

উল্লেখ্য যে মহিমামণ্ডিত সত্ৰখনৰ আজিৰ দিনটোত নৱনিৰ্মিত সত্ৰাধিকাৰ বহা ভাগৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ কোভিড প্ৰট'কল অনুসৰি সীমিত সংখ্যক ভকতৰে অনুষ্ঠিত পালনামলৈ সকলো ভকত বৈষ্ণৱক নিমন্ত্ৰণ জনাবলৈ সুবিধা নোপোৱাত দুখ প্ৰকাশ কৰি সকলো ভকত বৈষ্ণৱৰ সুস্বাস্থ্য আৰু মঙ্গল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ৷