অসম

নাৰায়ণপুৰত ক’ভিড ভেকচিন লোৱাৰ পিছতে অংগনৱাড়ী সহায়িকাৰ মৃত্যু ..

asomiyapratidin

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তথা নাৰায়ণপুৰৰ সমীপৱৰ্তী ৰাজগড়ৰ এগৰাকী অংগনবাড়ী সহায়িকাই নাৰায়ণপুৰত ক'ভিড ভেকচিন লোৱাৰ পিছতে অসুস্থ হৈ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মহিলাগৰাকী হৈছে জগন্নাথ গৌতমৰ পত্নী দিপা গৌতম । উল্লেখ্য, যোৱা ৮ ফেব্ৰুৱাৰীৰ দিনা নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত মহিলা গৰাকীক প্ৰদান কৰা হৈছিল ক'ভিড ভেকচিন । ভেকচিন গ্ৰহণৰ ২৪ ঘন্টাৰ পিছতে অসুস্থ হৈ পৰে মহিলা গৰাকী ।

পৰৱৰ্তী সময়ত অসুস্থ মহিলা গৰাকীক শিমলুগুৰি,গহপুৰ,কেথলিক হস্পিতাল,তেজপুৰ মিছন হস্পিতালত চিকিৎসা কৰোৱা হয় । কিন্তু অতি পৰিতাপৰ বিষয় অৱশেষত যোৱাকালি বিয়লি তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মহিলা গৰাকীয়ে মৃত্যুক সাৱতি লয় । ইফালে পৰিয়ালৰলোকক চিকিৎসকে মহিলাগৰাকী কিডনী আৰু লিভাৰ বিকল হোৱাৰ বাবে মৃত্যু হোৱা বুলি অৱগত কৰে ৷ এগৰাকী সুস্থ মহিলাৰ তাৎক্ষনিকভাবে এনে ৰোগত মৃত্যু হোৱা খবৰক সহজভাবে লব পৰা নাই পৰিয়ালবৰ্গৰ লগতে একাংশ স্থানীয় ৰাইজে ৷ ভেকচিনৰ পাশ্বক্ৰিয়াৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৷