অসম

নাৰায়ণপুৰ কোভিড কেয়াৰ চেন্টাৰত চিকিৎসক-স্বাস্থ্যকৰ্মী-কোভিড আক্ৰান্তই উদযাপন কৰিলে এগৰাকী কনমানিৰ জন্ম দিন…

asomiyapratidin

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : মানৱতাৰ সুন্দৰ নিৰ্দশন দাঙি ধৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ পলিটেকনিক কলেজ কোভিড কেয়াৰ চেন্টাৰত কৰ্মৰত চিকিৎসক,স্বাস্থ্য কৰ্মী আৰু কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে ৷ কভিড-১৯ত আক্ৰান্ত হৈ পিতৃ মাতৃৰ লগত নাৰায়ণপুৰৰ খেৰাজখাতস্থিত পলিটেকনিক কলেজ কোভিড কেয়াৰ চেন্টাৰত চিকিৎসা গ্ৰহণ কৰি থকা এগৰাকী সাত বছৰীয়া কণমানিৰ জন্ম দিন বেলুন আঁৰি,কেক্ কাটি অতি উলহমালহেৰে উদযাপন কৰা হয় কভিড কেয়াৰ চেন্টাৰটোত ৷

বিশ্বনাথ চাৰিআলিৰ গেৰুৱাবাৰি নিবাসী তথা লখিমপুৰৰ লীলাবাৰিস্থিত ১৩ নং অসম বেটেলিয়নত কৰ্মৰত দীপ কুমাৰ বৰা,পত্নী দিব্যজ্যোতি বৰুৱাৰ আৰু কন্যা লক্ষীপ্ৰিয়া বৰাৰ দেহত কভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছত যোৱা ৬ ছেপ্তেম্বৰ পৰা পলিটেকনিক ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন অৱস্থাত আছিল ৷ তজবজীয়া কনমানী লক্ষীপ্ৰিয়া ক'ভিড কেয়াৰ চেন্টাৰটোৰ ক'ভিড ৰোগীৰ লগতে চিকিৎসক,স্বাস্থ্য কৰ্মী সকলোৰে প্ৰিয় হৈ পৰিছিল ৷

মঙলবাৰে কণমানি জনীৰ জন্ম দিন আছিল । কণমানি জনীয়ে তাইৰ জন্মদিন ক'ভিড কেয়াৰ চেন্টাৰত উদযাপন নকৰিলে ঘৰলৈ কোনো কাৰণে নাযাওঁ বুলি কোৱাত পিতৃ মাতৃয়ে কেন্দ্ৰটোৰ দায়িত্বত থকা চিকিৎসক ডা° মানৱ জ্যোতি বৰা আৰু ডা° বিজিত দেউৰীক বিষয়টো অৱগত কৰাত চিকিৎসক সকলে কনমানী জনীৰ জন্ম দিন উদযাপনৰ বাবে যাৱতীয় কেক্,বেলুন আৰু খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি অতি উলহমালহেৰে ক'ভিড চেন্টাৰটোততে লক্ষীপ্ৰিয়াৰ জন্মদিন উদযাপন কৰে ৷