অসম

নাৰায়ণপুৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত, বিধায়ক দেৱানন্দ হাজৰিকাক ঘেৰাও যুৱ মৰ্চাৰ

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ দলীয় টিকট ঘোষণা কৰাৰ পিছতে লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰত মঙলবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নাৰায়ণপুৰ জিলা পৰিষদৰ বাবে দলীয় টিকট ঘোষণা কৰাৰ পাছতে উদ্ভৱ হয় এই পৰিস্থিতিৰ।

টিকট ঘোষণা হোৱাৰ পিছত বিধায়ক দেৱানন্দ হাজৰিকা নাৰায়ণপুৰৰ পৰিদৰ্শন বাংলাত উপস্থিত হোৱাৰ লগে লগেই শতাধিক যুৱ মৰ্চাৰ কৰ্মীয়ে ঘেৰাও কৰে বিধায়ক গৰাকীক। জানিব পৰা মতে, নাৰায়ণপুৰ জিলা পৰিষদৰ দলীয় টিকটৰ বাবে যুৱ মৰ্চাকে ধৰি, নাৰায়ণপুৰ মণ্ডল সমিটি আৰু বহু বিজেপি কৰ্মীয়ে নাৰায়ণপুৰ যুৱ মৰ্চাৰ সভাপতি প্ৰণৱ হাজৰিকাক প্ৰক্ষেপ কৰিছিল। কিন্তু দলীয় কৰ্মী সকলৰ কথা নুশুনি কেৱল তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ হস্তক্ষেপত দলটোৱে তেওঁৰ প্ৰতিনিধি দেৱজিৎ বৰুৱাক দলীয় টিকট প্ৰদান কৰে। ইয়াকলৈ ক্ষোভিত হৈ পৰে দলীয় কৰ্মীসকল।

এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বিধায়ক গৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় যে- এই টিকট সন্দৰ্ভত তেওঁ জ্ঞাত নহয় আৰু তেওঁ কোনো কাৰণতে দেৱজিৎ বৰুৱাক টিকট দিয়াত পক্ষপাতী নাছিল। সেয়েহে তেওঁ পৰৱৰ্তী সময়ত দেৱজিৎ বৰুৱাৰ হৈ নিৰ্বাচন খেলাৰ বাবেও  সাজু নহয় বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।

ইয়াৰ সমান্তৰালকৈ নাৰায়ণপুৰ মণ্ডল বিজেপিৰ সভাপতি নিতুমনি বৰুৱাই দেৱজিৎ বৰুৱাক দলীয় টিকট প্ৰদান কৰাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰাৰ লগে লগে বুধবাৰে তেওঁ নিজ পদৰ পৰা পদত্যাগ কৰাৰো হুংকাৰ দিয়ে, লগতে যুৱ মৰ্চাৰ কৰ্মী সকলেও সামুহিক পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকৰ মতে, বিজেপি দলে তৃণমূল কৰ্মী সকলৰ আৱেগ-অনুভূতিক নসাৎ কৰি এজন জনসমৰ্থন নথকা ব্যক্তিক দলীয় টিকত প্ৰদান কৰিছে। পৰৱৰ্তী সময়ত একাংশ ক্ষুদ্ধ বিজেপি নেতা-কৰ্মীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।