অসম

নাৰায়ণপুৰত বিজেপিৰ ৰাজ্যিক জনজাতি মৰ্চাৰ সভাপতি হৰেণ দেউৰীক বিপুল আদৰণি…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক জনজাতি মৰ্চাৰ নৱনিৰ্বাচিত সভাপতি হৰেণ দেউৰীক বুধবাৰে নাৰায়ণপুৰত দলীয় কৰ্মী সকলৰ লগতে স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকাই বিপুল আদৰণি জনায়। ৰাজ্যিক জনজাতি মৰ্চাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে প্ৰথম বাৰৰ বাবে গৃহ সমষ্টিত প্ৰদাৰ্পন কৰা বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীক নাৰায়ণপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাৰ উপস্থিতিত দলীয় নেতা-কৰ্মী সকলে ৰাজ্যিক বিজেপিৰ নেতা গৰাকীক ফুলাম গামোছা, শৰাইৰে বিপুল আদৰণি জনায়।

দলটোৰ বহুকেইজন স্থানীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত আদৰণি অনুষ্ঠানটিৰ পিছতে বিজেপি নেতা গৰাকী সদল-বলে বিহপুৰীয়াৰ এখন আদৰণি সভাত অংশগ্ৰহণৰ বাবে ৰাওনা হয়। অনাগত দিনত ৰাজ্যৰ ৩৩ খন জিলাতে জনজাতি মৰ্চাক আগুৱাই নিয়াৰ কথা অৱগত কৰি ৰাজ্যিক জনজাতি মৰ্চাৰ নৱনিৰ্বাচিত সভাপতি গৰাকীয়ে লগতে যিকোনো ত্যাগৰ বিনিময়ত দলটোক আগবঢ়াই নিয়াৰ কাৰণে সকলো প্ৰকাৰৰ চেষ্টা চলাব বুলি মন্তব্য কৰে।