অসম

সোণ গুটি চপোৱাৰ বতৰত আপদীয়া বৰষুণৰ তাণ্ডৱঃ নাৰায়ণপুৰত মূৰে-কপালে হাত দিছে কৃষকে, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ আঘোণ মাহ। এতিয়া কৃষকে হেপাঁহৰ সোণগুটি চপোৱাৰ বতৰ। সোণালী ধানেৰে উপচি পৰে খেতি পথাৰ। মেটমৰা ডাঙৰি ভাৰ চিপ মাৰি কান্ধত উঠাই ঘৰমুৱা কৃষকে সপোন ৰচা মাহ আঘোন। কিন্তু এজাক আৱতৰীয়া বৰষুণে হঠাতে মলঙাই পেলালে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ কৃষকৰ সোণালী সপোন। যোৱা তিনি-চাৰি দিন ধৰি অঞ্চলটোত হৈ থকা এজাক আপদীয়া বৰষুণে পকা ধাননি পথাৰত একাঁঠু পৰ্যন্ত পানীৰ সৃষ্টি কৰাৰ লগতে পকা ধানৰ থোক বোৰো ছিঙি পৰাৰ উপক্ৰম হৈছে।

আনহাতে একাংশ কৃষকৰ পথাৰত কাটি থোৱা ধানৰ মুঠি বোৰো পানীত তিতি গজিবলৈ আৰম্ভ কৰিছে। ফলত এই সকল দুৰ্ভগীয়া কৃষকে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, যোৱা বাৰিষা কালত কঠীয়া ৰোৱাৰ সময়ত তীব্র খৰাং বতৰ হোৱাত নাৰায়ণপুৰৰ একাংশ কৃষকৰ পথাৰত কঠীয়া ৰোৱাৰ পিছতেই পথাৰ সমুহত চিৰাল ফাট মেলাই নহয়-ৰোৱা বোৰ সঁজাল ধৰাৰ আগতেই প্রখৰ ৰ'দৰ তাপত জ্বলি যোৱাৰ দৰে হৈছিল। আৰু আন একাংশ পথাৰত পানীৰ অভাৱত ভুই ৰুব নোৱাৰিলে কৃষকে।

বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰে পাহাৰীয়া নদী চেঁচা, দ্রোপাং, দিহিৰি, পিছলা, সোৱণশিৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ প্রলয়ংকাৰী বানে এই সমুহ পথাৰ ধুৱাই নিয়াৰ পিছত বানে মৰা ৰোৱা সমুহত শুঁৰ পোকৰ আক্ৰমণ চলে আৰু খৰাং পথাৰত পানীৰ অভাৱত শুকাই জ্বলি যাবলৈ আৰম্ভ কৰে আন একাংশ সেউজীয়া ধাননি পথাৰ।

ইমানৰ পিছত নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত আন একাংশ পথাৰত যি অৱশিষ্টখিনি আছিল তাকো চপাবৰ সময়ত পালে আপদীয়া বৰষুণে। এক কথাত কবলৈ গ'লে বাৰিষাৰ বান, খৰাং, শুঁৰ পোকৰ তাণ্ডৱৰ পিছত এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে নাৰায়ণপুৰৰ কৃষক।