অসম

নাৰায়ণপুৰত পথৰ ওপৰতে বাগৰিল বাইক, থিতাতে নিহত ১জন

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাটোত এজন যুৱকৰ থিতাতে মৃত্যু হয় আৰু আন এজন গুৰুতৰ ভাবে আহত হয়।

এএছ০৭-এল-৩৩৭২ নম্বৰৰ ইয়ামাহা এচ জেদ নামৰ এখন মটৰচাইকেল পথৰ ওপৰত বাগৰি পৰি সংঘটিত হয় দুৰ্ঘটনাটো। আহত জনক ১০৮ এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়।

আহত যুৱক জনৰ নাম ভৃগু শইকীয়া বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গামতৌ গাৱঁত বুলি জানিব পৰা গৈছে। আনহাতে নিহত যুৱকজনৰ নাম পিকু বৰা। পিকু বৰাৰ ঘৰ লখিমপুৰ আজাদ দ-গাতিত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।