অসম

নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…

asomiyapratidin

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : অসম আৰক্ষীৰ এছ আই পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ বাবে ৰাজ্যৰ গৃহ বিভাগক পোনপতীয়াকৈ জগৰীয়া কৰি নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে নগৰ খনৰ মাজমজিয়াত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,বিজেপি হুঁচিয়াৰ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত সকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই ৷ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ বিষয়-ববিয়া সকলৰ উপৰি উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকা আৰু উপ-সভাপতি ক্ষীৰোদ দুৱৰাইও অংশ গ্ৰহণ কৰে।