অসম

নাৰায়ণপুৰত বজ্ৰ পৰি একে স্থানতে ৫ টাকৈ পশুধনৰ মৃত্যু, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লকডাউনৰ মাজতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ যমুনাখাত গাঁৱত অঘটন সংঘটিত হয়। বিয়লি অহা এজাক বতাহ-বৰষুণত বজ্ৰ পৰি একে স্থানতে মৃত্যু হয় ৫ টাকৈ গৰুৰ। পথাৰত চৰি থকা অৱস্থাত মৃত্যু হয় পশুধন কেইটাৰ।

https://www.facebook.com/asomiya.pratidin/videos/1131984150502107/

মৃত পশুধন কেইটা গাঁওখনৰ ভৱ দত্তৰ এটা, হৰেন দত্তৰ ২ টা, গোপাল বৰাৰ ১টা আৰু প্ৰেমধৰ কাকতিৰ ১ টা বুলি জানিব পৰা গৈছে। আকস্মিক ভাবে হোৱা এই ঘটনাই সমগ্ৰ গাঁওখনতে আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। আনহাতে স্থানীয় ৰাইজে কেউটা পৰিয়ালকে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।